বকো,22ডিচেম্বৰ: চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ৰাইজৰ মাজত সু সম্পৰ্ক গঢ় দিয়াৰ উদ্দেশ্যৰে বকোৰ গান্ধী মৈদানত বুধবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব প্ৰীতি ক্ৰিকেট খেল । আকৰ্ষণীয় খেলখনত অংশগ্ৰহণ কৰিব বকো প্ৰেছ ক্লাৱ, বকো থানা, ছমৰীয়া আৰক্ষী পহৰা চকী, ৰাভা ছাত্ৰ সন্থাৰ বকো শাখা, সদৌ অসম ছাত্ৰ সন্থাৰ বকো শাখা, বগাই সাংস্কৃতিক গোষ্ঠী, বকো ৰাজহ চক্ৰ, বকো বিদ্যুৎ যোগান বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু বকোস্থিত নন্দিনী গেছ এজেন্সীয়ে । প্ৰতিযোগিতাৰ বাবে বকো গান্ধী মৈদানত সকলো দলৰ খেলুৱৈ সম্প্ৰতি ব্যস্ত হৈ পৰিছে অনুশীলনত ৷
বকোত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব প্ৰীতি ক্ৰিকেট খেল - RICKET TOURNAMENT PREPARATION
বকোত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ক্ৰিকেট খেল ৷ বুধবাৰৰ পৰা অনুষ্ঠিত হ'ব খেল খন ৷ খেলত অংশগ্ৰহণ কৰিব বহুকেইটা দলে ৷

বকোত দুদিনীয়া কাৰ্যসূচীৰে ক্ৰিকেট খেল
অন্য এক খবৰৰ বাবে:তেজপুৰ আৰক্ষীৰ তৎপৰতাত প্ৰাণ ৰক্ষা এটা পহুৰ