অসম

assam

ETV Bharat / state

অনাতাঁৰ শিল্পী মাণিক আলীৰ মৃত্যুত শোকস্তব্ধ বকোবাসী

শিশু অৱস্থাতে টাইফয়েডত আক্ৰান্ত হৈ দৃষ্টিশক্তি হেৰুৱাই জীৱন আৰু জীৱিকাৰ তাড়নাত তেওঁ আঁকোৱালি লৈছিল লোক সংগীতক । আনহাতে,  এগৰাকী সুদক্ষ দোতৰা বাদকো আছিল শিল্পীগৰাকী ৷

By

Published : Jun 1, 2019, 10:26 PM IST

অনাতাৰ শিল্পী মানিক আলীৰ মৃত্যুত শোকস্তব্ধ বকোবাসী

কামৰূপ, 1 জুনঃ দূৰদৰ্শন তথা অনাতাঁৰ শিল্পী মাণিক আলীৰ মৃত্যুত শোকস্তব্ধ বকোৰ বালিঝাৰ অঞ্চল । নব্বৈৰ দশকত গোৱালপৰীয়া লোকগীত গাই জনপ্ৰিয়তা অৰ্জন কৰিছিল প্ৰয়াত শিল্পীগৰাকীয়ে । দেশী জনগোষ্ঠীয় সংগীতৰ অন্যতম সাধক আছিল মাণিক আলী । নব্বৈৰ দশকত শিল্পী ৰহিমা কলিতাৰ লগত সংগীত পৰিৱেশন কৰি ৰাজ্যবাসীৰ সমাদৰ লাভ কৰিছিল মাণিক আলীয়ে । লোকগীতৰ উপৰিও মাণিক আলী আছিল দেশী জনগোষ্ঠীয় সংগীতৰ আন এক নক্ষত্ৰস্বৰূপ । নিজস্ব আৰু একক প্ৰচেষ্টাৰে দেশী জনগোষ্ঠীয় সংগীতক আগুৱাই নিছিল শিল্পীগৰাকীয়ে ৷ দৃষ্টিহীন হৈও নীৰৱে সংগীত চৰ্চা অব্যাহত ৰাখিছিল এইগৰাকী শিল্পীয়ে ৷

অনাতাৰ শিল্পী মানিক আলীৰ মৃত্যুত শোকস্তব্ধ বকোবাসী

শিশু অৱস্থাতে টাইফয়েডত আক্ৰান্ত হৈ দৃষ্টিশক্তি হেৰুৱাই জীৱন আৰু জীৱিকাৰ তাড়নাত তেওঁ আঁকোৱালি লৈছিল লোক সংগীতক । আনহাতে, এগৰাকী সুদক্ষ দোতৰা বাদকো আছিল শিল্পীগৰাকী ৷

লোক সংগীতৰ সাধকগৰাকী জীৱনৰ বিয়লি বেলাত আৰ্থিক দৈন্যতাত ভুগি এক যন্ত্ৰণাকাতৰ জীৱন অতিবাহিত কৰিব লগীয়া হৈছিল মাণিক আলীয়ে ।

ABOUT THE AUTHOR

...view details