কামৰূপ,3 আগষ্ট:দেওবাৰে কামৰূপ জিলাৰ বকোত এজন ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ৷ বকোৰ আগছিয়াৰ টুৰুকপাৰাৰ আব্দুল আজিজ নামৰ লোকজনৰ দুয়োটা বৃক্ক বিকল হৈ পৰিছিল ৷ ইয়াৰ পাছতেই লোকজনক ভৰ্তি কৰা হৈছিল গুৱাহাটী মহানগৰীৰ জিএমছিএইচত ৷ চিকিৎসাধীন হৈ থকা ব্যক্তিজনৰ স্বাৱ পৰীক্ষাত ধৰা পৰিছিল ক'ভিড-19ৰ উপস্থিতিৰ কথা ৷
বকোত ক'ভিড-19ত আক্ৰান্ত ব্যক্তিৰ মৃত্যু - মিজোৰাম উপ আৰক্ষী অধীক্ষক
বকোত আব্দুল আজিজ নামৰ এজন ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হয় দেওবাৰে ৷ ব্যক্তিজনৰ দুয়োটা বৃক্ক বিকল হৈ পৰাত মহানগৰীৰ জিএমছিএইচত চিকিৎসাধীন হৈ আছিল ৷
অন্য এক খবৰৰ বাবে: চৰাইদেউত বন্যহস্তীৰ তাণ্ডৱ
পৱিত্ৰ ঈদ-উজ-জোহাৰ দিনা সুস্থ হৈ আছিল ব্যক্তিজন আৰু ঈদৰ নামাজো আদায় কৰিছিল ৷ কিন্তু হঠাতেই দেওবাৰে মৃত্যু হয় লোকজনৰ ৷ কামৰূপ জিলা প্ৰশাসনৰ তৎপৰতাত জিএমছিএইচ'ৰ চিকিৎসা কৰ্মীৰ লগতে আৰক্ষী বিভাগে ৰাজ্যিক সন্মান প্ৰদৰ্শন কৰি নিশাই জানাজা সম্পন্ন কৰে ব্যক্তিজনৰ ৷ ব্যক্তিজনে প্ৰায় ৫ বছৰ পূৰ্বে মিজোৰাম উপ আৰক্ষী অধীক্ষক (ডি এছ পি) পদৰ পৰা অৱসৰ গ্ৰহন কৰিছিল ৷ ইফালে,বকোত ক'ভিড-19ত আক্ৰান্ত হৈ প্ৰথমজন ব্যক্তিৰ মৃত্যুৱে আতংকিত কৰিছে সকলোকে ৷