বকো, 21 জানুৱাৰী : কামৰূপ জিলাৰ বকো আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে চলায় অভিযান। গোপন সূত্ৰৰ পম খেদি বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰায় আৰু সোণতলী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ব্ৰহ্মপুত্ৰ নদীৰ পাৰঘাটত চলায় ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ উক্ত অভিযানত আৰক্ষীয়ে ১০ কাৰ্টুন নিষিদ্ধ ক‘ডকফ- এন এফ ক'ফ চিৰাপ জব্দ কৰে।
বকোৰ সোণতলীত নিষিদ্ধ ক'ফচিৰাপ জব্দ - BOKO
ড্ৰাগছৰ বিৰুদ্ধে বকো আৰক্ষীৰ সফল অভিযান ৷ আৰক্ষীৰ এটা অভিযানকাৰী দলে ব্ৰহ্মপুত্ৰ নদীৰ পাৰঘাটত অভিযান চলাই জব্দ কৰে ১০ কাৰ্টুন নিষিদ্ধ ক‘ডকফ- এন এফ ক'ফ চিৰাপ ৷
বকোৰ সোণতলীত নিষিদ্ধ ক'ফচিৰাপ জব্দ
আৰক্ষীয়ে জব্দ কৰা নিষিদ্ধ ক'ফচিৰাপ খিনিৰ মূল্য প্ৰায় ১ লাখ টকা হ‘ব বুলি জানিব পৰা গৈছে। এই অভিযানত বকো মহচৰা গাঁৱৰ আমিদুল আলম নামৰ এজন যুৱকক আটক কৰি বকো আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে । জব্দকৃত ক'ফ চিৰাপখিনি বহৰীৰ হৰিপুৰ শ্বাহজাহান আলীৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰে নাও লৈ অনা হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: থানাৰ পৰা হেণ্ডকাফ খুলি পলাল বাইক চোৰ