বকোত বিদ্যালয়ৰ গৃহ নিৰ্মাণত দুৰ্নীতি - ঠিকাদাৰ ফিৰদৌচ আলী
বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ লগত জড়িত ঠিকাদাৰ ফিৰদৌচ আলীয়ে অতি নিম্নমানৰ সামগ্ৰী আৰু কম খৰচত বিদ্যালয় গৃহৰ মেৰামতিৰ কাম কৰাৰ অভিযোগ। ৰাইজৰ অভিযোগ অনুসৰি, গৃহটোত লগাবৰ বাবে অনা টিনপাত কাগজ সদৃশ ৷
কামৰূপ, 7 চেপ্তেম্বৰঃ বকোৰ তাৰাবাৰী খতলাত শান্তিপুৰ বি কে বি প্ৰাথমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণত চৰম দুৰ্নীতিৰ অভিযোগ ৷ দুৰ্নীতিক লৈ ক্ষোভিত অঞ্চলবাসী ৰাইজ । বিধায়িকা পুঁজিৰ ধনেৰে বিদ্যালয় গৃহটোৰ মেৰামতিৰ কাম নিম্নমানৰ বুলি অভিযোগ ৰাইজৰ ৷ বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ লগত জড়িত ঠিকাদাৰ ফিৰদৌচ আলীয়ে অতি নিম্নমানৰ সামগ্ৰী আৰু কম খৰচত বিদ্যালয় গৃহৰ মেৰামতিৰ কাম কৰাৰ অভিযোগ । ৰাইজৰ অভিযোগ অনুসৰি, গৃহটোত লগাবৰ বাবে অনা টিনপাত কাগজ সদৃশ । ইফালে নিম্নমানৰ ইটা ব্যৱহাৰ কৰাৰ লগতে চিমেন্ট কমকৈ ব্যৱহাৰ কৰাৰ অভিযোগ । যাৰ বাবে ৰাইজে বিদ্যালয় গৃহৰ মেৰামতিৰ কাম বন্ধ কৰি বিধায়ক নন্দিতা দাসক গৃহৰ নিৰ্মাণকাৰ্য পৰ্যবেক্ষণ কৰিবলৈ আহ্বান জনাই ।