বকো,11 মে’:বকোৰ শিংৰাত কৰায়ত্ত কৰা হৈছে দুজনকৈ বাইক চোৰক । চুৰি বাইক বিক্ৰী কৰিবলৈ আহি ফান্দত পৰিল দুই বাইক চোৰ । জানিব পৰা মতে,বাইক চোৰ দুজন বকোৰ ২নং ছেখাডাৰীৰ মনচেফ আলী আৰু কুদ্ৰত আলী ।
চুৰি বাইক বিক্ৰী কৰিবলৈ গৈ ফান্দত চোৰ - BIKE LIFTERS ARRESTED
বকোত কৰায়ত্ত দুই বাইক চোৰ ৷ ছদ্মবেশত থকা আৰক্ষীৰ ফান্দত পৰিল দুটাকৈ চোৰ ৷
![চুৰি বাইক বিক্ৰী কৰিবলৈ গৈ ফান্দত চোৰ BOKO_BIKE LIFTERS ARRESTED](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11725615-301-11725615-1620750168282.jpg)
চুৰি বাইক বিক্ৰী কৰিবলৈ গৈ ফান্দত চোৰ
উল্লেখ্য যে, ছদ্মবেশত থকা বকো আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত অভিযান চলাই কৰায়ত্ত কৰে চোৰ দুটাক । দুয়োৰে পৰা ইতিমধ্যে এখন চুৰি বুলেট আৰু গ্লেমাৰ বাইক উদ্ধাৰ কৰিছে আৰক্ষীয়ে । বুলেটখন নম্বৰবিহীন হোৱাৰ বিপৰীতে গ্লেমাৰখনৰ নম্বৰ AS 01 BT 7542 বুলি জানিব পৰা গৈছে ৷