অসম

assam

ETV Bharat / state

এন আৰ চি শুনানি : প্ৰতিবাদত নামিল আমছু - বকো

NRC-ৰ পুনৰীক্ষণৰ নামত সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ আমছুৰ নেতৃত্বৰ । এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ দাবী তুলি NRC-ৰ পুনৰীক্ষণৰ নামত তৎকালীনভাৱে জাননী প্ৰেৰণ কৰি দূৰ-দূৰণিত নথি পৰীক্ষণ কৰাৰ দিহা কৰা কাৰ্যক তীব্ৰ সমালোচনা  আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ৷

প্ৰতিবাদত নামিল আমছু

By

Published : Aug 8, 2019, 7:59 PM IST

বকো, আগষ্ট 08 : ছয়গাঁৱৰ গৰৈমাৰীত আমছুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৷ গৰৈমাৰীৰ ঈদগাহ বাকৰিত বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গান দি পৰিস্থিতি উত্তাল কৰি তোলে আমছুৰ সমৰ্থক সকলে । NRC-ৰ পুনৰীক্ষণৰ নামত সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ আমছুৰ নেতৃত্বৰ । এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ দাবী তুলি NRC-ৰ পুনৰীক্ষণৰ নামত তৎকালীনভাৱে জাননী প্ৰেৰণ কৰি দূৰ-দূৰণিত নথি পৰীক্ষণ কৰাৰ দিহা কৰা কাৰ্যক তীব্ৰ সমালোচনা আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ৷ নেতাগৰাকীয়ে ভাৰতীয় নাগৰিকক বাংলাদেশী সজোৱাৰ এয়া এক গভীৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰে ।

প্ৰতিবাদত নামিল আমছু

আনহাতে, নিজ জিলাতেই নাগৰিকক NRC-ৰ পুনৰীক্ষণৰ দিহা কৰিবলৈ দাবী তোলে আমছুৱে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত গৰৈমাৰী ৰাজহ চক্ৰৰ বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী, NRC-ৰ মুখ্য সমন্বয়ক আৰু জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে আমছুৰ নেতৃত্বই । আমছুৰ দাবীৰ প্ৰতি চৰকাৰে সমৰ্থন নিদিলে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।

ABOUT THE AUTHOR

...view details