বাইহাটা চাৰিআলি, ৯ জুলাই:অসমৰ এটা ব্যক্তিগত মালিকাধীন মনোৰঞ্জনধৰ্মী চেটেলাইট চেনেলত সম্প্ৰচাৰিত এখন ধাৰাবাহিক 'বেগম জান'ৰ বিৰুদ্ধে সম্প্ৰতি সৃষ্টি হৈছে এক বিতৰ্কৰ । ইতিমধ্যে ধাৰাবাহিকখন সম্প্ৰচাৰক লৈ সমগ্ৰ ৰাজ্যতে উঠিছে প্ৰতিবাদৰ ঢৌ । ধাৰাবাহিকখনৰ সম্প্ৰচাৰ শীঘ্ৰে বন্ধ কৰাৰ দাবীত বিভিন্ন দল সংগঠনে কৰিছে প্ৰতিবাদ ।
বিতৰ্কিত 'বেগমজান'ৰ সম্প্ৰচাৰ বন্ধৰ দাবীৰে বাইহাটাত বজৰংগ দলৰ প্ৰতিবাদ - ধাৰাবাহিকখনৰ সম্প্ৰচাৰ শীঘ্ৰে বন্ধ কৰাৰ দাবী
অসমৰ এটা ব্যক্তিগত মালিকাধীন মনোৰঞ্জনধৰ্মী চেটেলাইট চেনেলত সম্প্ৰচাৰিত এখন ধাৰাবাহিক 'বেগম জান'ৰ বিৰুদ্ধে সম্প্ৰতি সৃষ্টি হৈছে এক বিতৰ্কৰ । ইতিমধ্যে ধাৰাবাহিকখন সম্প্ৰচাৰক লৈ সমগ্ৰ ৰাজ্যতে উঠিছে প্ৰতিবাদৰ ঢৌ । ধাৰাবাহিকখনৰ সম্প্ৰচাৰ শীঘ্ৰে বন্ধ কৰাৰ দাবীত বিভিন্ন দল সংগঠনে কৰিছে প্ৰতিবাদ ।
![বিতৰ্কিত 'বেগমজান'ৰ সম্প্ৰচাৰ বন্ধৰ দাবীৰে বাইহাটাত বজৰংগ দলৰ প্ৰতিবাদ Bojrang dol protest at Baihata against Begumjan series](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7957027-625-7957027-1594301782783.jpg)
বৃহস্পতিবাৰে বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ ৰঙিয়া জিলা সমিতিয়েও ইয়াৰ বিৰুদ্ধে কৰিলে প্ৰতিবাদ । হিন্দু ধৰ্মক আঘাত হানি লাভ জেহাদ সৃষ্টি কৰাৰ মানসিকতাৰে নিৰ্মাণ কৰি মনোৰঞ্জনধৰ্মী চেটেলাইট চেনেলটোত সম্প্ৰচাৰিত কৰাৰ অভিযোগেৰে ধাৰাবাহিকখনৰ সম্প্ৰচাৰ শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনালে বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ প্ৰতিবাদকাৰী সকলে । অন্যথা চেনেল চৌহদত গৈ প্ৰতিস্থানটোত আক্ৰমণৰো হুংকাৰ দিলে ৰঙিয়া জিলা সমিতিৰ বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ এইসকল প্ৰতিবাদকৰীয়ে ।
সম্প্ৰতি চেনেলটোত সম্প্ৰচাৰিত হৈ থকা 'বেগমজান'ক লৈ সমগ্ৰ ৰাজ্যযুৰি হোৱা এই প্ৰতিবাদক চেনেল কতৃপক্ষই কি দৰে সহাৰি জনাই সেয়া হ'ব লক্ষণীয় ।