বকো, 28 ছেপ্টেম্বৰ: বকোত মঙলবাৰে নিশা সংঘটিক হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড (Robbery case at Boko) ৷ পিষ্টল দেখুৱাই গোপাল দেৱকোটা নামৰ এজন ব্যৱসায়ীৰ গেলামালৰ দোকানত চলালে চাফাই অভিযান ৷ দোকানখনৰ পৰা ডকাইতৰ দলটোৱে লুটি লৈ যায় বৃহৎ পৰিমাণৰ নগদ ধন ৷
বন্দুক আৰু চোকা অস্ত্ৰৰে সজ্জিত হৈ অহা চাৰিজনীয়া ডকাইতৰ দলটোৱে দোকানখনত লুটপাত কৰাৰ লগতে ৰবি দেৱকোটা আৰু সমীপৰ আন এজন ব্যৱসায়ী গনেশ থাপাক চোকা অস্ত্ৰৰে আঘাত কৰি পলায়ন কৰে ৷ এই খবৰ আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত বকো আৰক্ষীৰ এটা দল উপস্থিত হৈ ডকাইতৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷ আৰক্ষীৰ এই অভিযানৰ সময়তে ডকাইতৰ দলটোৱে আৰক্ষীলৈ বুলি গুলীচালনা কৰে (Blank fire by Robber at Boko) ৷ এই আক্ৰমণত গুলীবিদ্ধ হয় আশ্ৰাফুল আলম নামৰ আৰক্ষীৰ এজন কামাণ্ডো (One commando injured) ৷