অসম

assam

By

Published : Jan 26, 2020, 10:26 PM IST

ETV Bharat / state

ৰঙিয়াত বিধায়িকা আঙুৰলত ডেকাক ক'লা পতাকা প্ৰদৰ্শন

ৰঙিয়াৰ তুলসীবাৰী গৰখীয়া গোপাল মাৰলী থানাৰ বাৰ্ষিক মহোৎসৱত অংশগ্ৰহণ কৰি উভতাৰ পথত, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক ক'লা পতাকা দেখুৱালে আছুৱে ৷

আঙুৰলত ডেকা
আঙুৰলত ডেকা

ৰঙিয়া, 26 জানুৱাৰীঃৰঙিয়াত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক'লা পতাকা দেখুৱালে আছুৱে ৷ ৰঙিয়াৰ তিনিআলিত আছুৰ শ্বহীদ বেদীৰ কাষত ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত, ক'লা পতাকা প্ৰদৰ্শন আছু কৰ্মীৰ ৷ ৰঙিয়াৰ তুলসীবাৰী গৰখীয়া গোপাল মাৰলী থানাৰ বাৰ্ষিক মহোৎসৱত অংশগ্ৰহণ কৰি উভতাৰ পথত, আঙুৰলতাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিলে ছাত্ৰ সংগঠনটোৱে ৷ বিজেপি চৰকাৰ হায় হায়,বিধায়িকা আঙুৰলতা লেই লেই চেই চেই,‌বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্ল'গানেৰে,CAAৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে ৰঙিয়া ছাত্ৰ সন্থাৰ একাংশ কৰ্মকৰ্তাই ৷

ৰঙিয়াত বিধায়িকা আঙুৰলত ডেকাক ক'লা পতাকা প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details