বকো, 6 মে’:পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ পাচতেই সংঘটিত হোৱা হিংসাত্মক ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বুধবাৰে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীতো প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মকৰ্তাসকলে ৷
সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ মাজেৰে দিনৰ 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ গৰৈমাৰী ৰাজহ চক্ৰৰ কাৰ্যালয় প্ৰাংগনত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বিজেপি কৰ্মীসকলে ৷