অসম

assam

ETV Bharat / state

Political argument: মৰুভূমিত মৰীচিকা বিচাৰি ফুৰা বুলি ভূপেন বৰাক পুনৰ কটাক্ষ ভৱেশ কলিতাৰ

ৰাজনীতিত ইটো দলে সিটো দলক সমালোচনা কৰাতো সাধাৰণ কথা ৷ শেহতীয়াকৈ অসমৰ ৰাজনীতিত বিজেপি-কংগ্ৰেছ, এ আই ইউ ডি এফ-কংগ্ৰেছ, ইউ পি পি এল-বি পি এফৰ এনে বাক বিতণ্ডা আমোদজনক হৈ পৰিছে ৷ শুকুৰবাৰে পুনৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বাক্যবাণ এৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ (BJP state president criticizes Cong counterparts) ৷

Political argument
ভূপেন বৰাক পুনৰ কটাক্ষ ভৱেশ কলিতাৰ

By

Published : Mar 10, 2023, 9:04 PM IST

ভূপেন বৰাক পুনৰ কটাক্ষ ভৱেশ কলিতাৰ

ৰঙিয়া, 10 মাৰ্চ:বৰ্তমান সময়ত অসমৰ ৰাজনৈতিক পথাৰখনত দলসমূহৰ মাজত চলি থকা যুঁজ-বাগৰ বাৰুকৈয়ে আমোদজনক হৈ উঠিছে ৷ কেতিয়াবা যদি বিজেপি আৰু কংগ্ৰেছৰ মাজত কথাৰ কটাকটি, আন কেতিয়াবা আকৌ এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা কেন্দ্ৰিক বিতৰ্ক ৷ ইয়াৰ মাজত কংগ্ৰেছৰ আভ্যন্তৰীণ ভাগত চলি থকা সংঘাত আছেই (Political hot news Assam) ৷

এইবাৰ পুনৰ এবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ সভাপতিগৰাকীয়ে কয়, "আকাশত চাং পাতি ফুৰা ভূপেন বৰা বৰ্তমান দিশহাৰা হৈ পৰিছে । মৰুভূমিত মৰীচিকা বিচাৰি ফুৰা ভূপেন বৰাই এতিয়া ক'ত কেতিয়া কি কয় কোনো লাগ-বান্ধ নোহোৱা হৈছে । তেখেতে পৰ্বতৰ ওপৰত কাছৰ কণী বিচাৰি ফুৰাৰ সলনি দলটোক ধৰি ৰাখিবলৈ চেষ্টা কৰা উচিত ।" (Bhabesh Kalita slams Bhupen Borah)

লগতে পঢ়ক:Lok Sabha election 2024: অসমত কোন কোন সাংসদক এইবাৰ টিকট নিদিয়ে বিজেপিয়ে

শুকুৰবাৰে ৰঙিয়াৰ ইছলামপুৰৰ 2 নং টাউন নিম্ন প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ অভিভাষণ শীৰ্ষক কার্যসূচীত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ৷ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ সমালোচনা কৰে বিজেপিৰ সভাপতিগৰাকীয়ে । ভাৰতীয় জনতা পাৰ্টিৰ ৰঙিয়া নগৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠানটোত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ অভিভাষণৰ বিষয়ত শীৰ্ষক অনুষ্ঠানটো অনুষ্ঠিত হয় (Bhabesh Kalita in Rangia)।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে 2023 বর্ষৰ 31 জানুৱাৰী তাৰিখে সংসদৰ মজিয়াত প্ৰদান কৰা অভিভাষণৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় চৰকাৰখনে নৱ ভাৰতবর্ষ নিৰ্মাণ কৰি দ্ৰুত গতিত আগবঢ়াই নিয়াৰ সম্পৰ্কত বহু কেইটা বিষয়ত সাৱলীল বক্তব্য আগবঢ়াইছিল । এই কার্যসূচীত দলীয় কাৰ্যকর্তা আৰু স্থানীয় ৰাইজৰ সন্মুখত অভিভাষণৰ বিষয়বস্তুসমূহৰ কিছু সময় ৰাইজক অৱগত কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (BJP state president criticizes Cong counterparts) ।

লগতে পঢ়ক:Sarania kachari ST status: শৰণীয়া কছাৰীৰ জনজাতিৰ মৰ্যাদা কৰ্তন; বিপদাপন্ন নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত

ৰাষ্ট্ৰপতিগৰাকীয়ে সংসদৰ মজিয়াত প্ৰদান কৰা অভিভাষণৰ বিষয়সমূহ দলীয় কাৰ্যকর্তাসকলে প্ৰতিটো স্তৰৰ পৰা বুথ স্তৰত কার্যসূচী অনুষ্ঠিত কৰি জনসাধাৰণৰ মাজত প্ৰচাৰ তথা প্ৰসাৰ কৰিবলৈ আহ্বান জনাই বিজেপিৰ নেতাগৰাকীয়ে । অনুষ্ঠানটোত ৰঙিয়া পৌৰসভাৰ সভাপতি অমৰেন্দ্ৰ লহকৰ, উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি সুবল পাল, উত্তৰ কামৰূপ জিলাৰ উপ-সভাপতি ভবেশ ডেকা, বিজেপিৰ ৰাজ‍্যিক কাৰ্যনিৰ্বাহক ৰঞ্জন উপাধ্যায় প্ৰমুখ্যে দলটোৰ বহু কেইগৰাকী নেতা আৰু কৰ্মী উপস্থিত থাকে (Assam Political news)।

ABOUT THE AUTHOR

...view details