গুৱাহাটী, 14 ছেপ্টেম্বৰ :সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আত্মপ্ৰকাশ কৰা নতুন আঞ্চলিক ৰাজনৈতিক দল "অসম জাতীয় পৰিষদ"ক আদৰণি জনাইছে শাসকীয় দল বিজেপিয়ে । 'কা' বিৰোধিতাৰে জন্ম লোৱা নতুন আঞ্চলিক ৰাজনৈতিক শক্তিক আদৰণি জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে কয় যে,বিজেপিয়ে গণতান্ত্ৰিক মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰে ।
আনহাতে, দল গঠন সন্দৰ্ভত তেওঁ কয় যে, গণতান্ত্ৰিক দেশ এখনত ৰাজনৈতিক দল খোলাৰ অধিকাৰ সকলোৰে আছে । সেয়া লাগিলে সদৌ অসম ছাত্ৰ সন্থাই হওঁক বা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই হওঁক বা আন কোনোবা দল-সংগঠনেই নহওঁক কিয় ।