অসম

assam

বাইহাটাত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

বাইহাটা চাৰিআলিৰ মঙ্গলদৈ পথত মুকলি কৰা হয় বিজেপিৰ এক নিৰ্বাচনী কাৰ্যালয় । বিজেপি নেতা পবিত্ৰ শৰ্মাই দলীয় পতাকা উত্তোলন কৰাৰ লগতে নেতা মদন ডেকাই কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে ।

By

Published : Mar 7, 2021, 5:13 PM IST

Published : Mar 7, 2021, 5:13 PM IST

বাইহাটাত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি
বাইহাটাত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

বাইহাটা,৭মাৰ্চ:অসম বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজনৈতিক দলসমূহৰ প্ৰায় কেইটা দলেই ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । লগে লগে প্ৰতিটো সমষ্টিত আৰম্ভ হৈছে তৃণমূল কৰ্মীসকলৰ ব্যস্ততা । ঠায়ে ঠায়ে ৰাজনৈতিক দলসমূহে মুকলি কৰিছে নিৰ্বাচনী কাৰ্যালয় । ৰাজ্যৰ অন্যতম আকৰ্ষণীয় জালুকবাৰী সমষ্টিৰ বিভিন্ন স্থানতো নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হৈছে ।

পুনৰ ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদ্বন্দিতা আগবঢ়াবলগীয়া জালুকবাৰী সমষ্টিত বিজেপিৰ ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে বাইহাটা চাৰিআলিৰ মঙ্গলদৈ পথত মুকলি কৰা হয় বিজেপিৰ এক নিৰ্বাচনী কাৰ্যালয় । বিজেপি নেতা পবিত্ৰ শৰ্মাই দলীয় পতাকা উত্তোলন কৰাৰ লগতে নেতা মদন ডেকাই কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে । এই কাৰ্য্যসূচীত বেজেৰা মণ্ডল সভাপতি দিলীপ ডেকাৰ লগতে বিজেপিৰ বহুতো দলীয় কৰ্মকর্তা উপস্থিত থাকে ।

লগতে পঢ়ক:আমগুৰিত উন্মোচন অঞ্জন দত্তৰ প্ৰতিমূৰ্তি

For All Latest Updates

ABOUT THE AUTHOR

...view details