আজাৰা,15 ডিচেম্বৰঃ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে ৰাজ্য উত্তাল হৈ থকাৰ সমান্তৰালকৈ দেওবাৰে উত্তাল হয় পলাশবাৰী । পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰ হাইস্কুল খেলপথাৰত ৰাইজে চৰকাৰ বিৰোধী শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰালৈ অঞ্চলতটোত অগপ, বিজেপিকে ধৰি ৰাজনৈতিক দলৰ নেতাসকলৰ প্ৰৱেশ নিষিদ্ধ কৰিছে । কোনো ৰাজনৈতিক দলে অঞ্চলটোত প্ৰৱেশ কৰিলে বিষম পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি ৰাইজে হুংকাৰ প্ৰদান কৰে ৷ তদুপৰি এই আইন অসমীয়াই কেতিয়াও মানি নলয় বুলি প্ৰতিবাদী ৰাইজে চৰকাৰক সকিয়াই দিয়ে ৷
নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত ৰামপুৰত অগপ,বিজেপি নেতাৰ প্ৰৱেশ নিষিদ্ধ
পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰ হাইস্কুল খেলপথাৰত ৰাইজে চৰকাৰ বিৰোধী শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰালৈ অঞ্চলতটোত অগপ,বিজেপিকে ধৰি ৰাজনৈতিক দলৰ নেতাসকলৰ প্ৰৱেশ নিষিদ্ধ কৰিছে
নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত ৰামপুৰত অগপ,বিজেপি নেতাৰ প্ৰৱেশ নিষিদ্ধ