আজাৰা,3 ডিচেম্বৰ : বুধবাৰে দক্ষিণ কামৰূপ জিলা বিজেপি সভাপতি ধনেশ্বৰ তালুকদাৰৰ সভাপতিত্বত পলাশবাৰীৰ বিজেপি বিধায়কৰ সৈতে সমাগত নিৰ্বাচনৰ আটাইকেইগৰাকী প্ৰাৰ্থী আৰু জিলা বিজেপিৰ বহুসংখ্যক দলীয় নেতাৰ উপস্থিতিত অনুষ্ঠিত হয় এখন দলীয় সভা ।
উক্ত সভাত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে দক্ষিণ কামৰূপ জিলা বিজেপিয়ে । শেহতীয়াকৈ বিজেপিৰ দখলত থকা পলাশবাৰী সমষ্টিটো মিত্ৰদল অগপক এৰি দিয়াক লৈ যি চৰ্চা চলি আছে সেই বিষয়ক লৈ আলোচনাত মিলিত হয় দলীয় নেতা-কৰ্মীসকল ।