কামৰূপ, 8 জুন: দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হব নোৱাৰে ৷ এই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে ৷ বহু কষ্টৰ মাজেৰে অধ্যয়ন কৰি উজলি উঠিল ৰাজ্যৰ বহু কেইখন জিলাৰ বহু মেধাৱী ছাত্ৰ ছাত্ৰী ৷ দৰিদ্ৰতাকো নেওচি সুখ্যাতিৰে উৰ্ত্তীৰণ হোৱা হাজো বিধানসভা সমষ্টিৰ একাংশ কৃতি ছাত্ৰ-ছাত্ৰীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিজেপি নেতা ৰাতুল শৰ্মা ৷ 89 শতাংশ লাভ কৰা তেতেলীয়াৰ প্ৰকাশ কলিতা, 86 শতাংশ লাভ কৰা ৰামদিয়াৰ পংকজ জ্যোতি ডেকা আৰু ৰাহুল বৰুৱাৰ লগতে 81 শতাংশ লাভ কৰা হাবলাখাৰ বিকাশ দাসক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে বিজেপি নেতাগৰাকীয়ে ৷
দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰীলৈ সহায়ৰ হাত বিজেপি নেতাৰ - BJP leader Ratul Sarma come out to help poor student
89 শতাংশ নম্বৰ লাভ কৰা তেতেলীয়াৰ প্ৰকাশ কলিতা, 86 শতাংশ লাভ কৰা ৰামদিয়াৰ পংকজ জ্যোতি ডেকা আৰু ৰাহুল বৰুৱাৰ লগতে 81 শতাংশ লাভ কৰা হাবলাখাৰ বিকাশ দাসক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে বিজেপি নেতাগৰাকীয়ে ৷
দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰীলৈ সহায়ৰ হাত বিজেপি নেতাৰ
উল্লেখ্য যে, এই শিক্ষাৰ্থী কেইগৰাকীৰ আগন্তুক শিক্ষা বৰ্ষৰ বাবে প্ৰয়োজনীয় সকলো খৰছ বহন কৰিব বিজেপি নেতা ৰাতুল শৰ্মাই ৷ এই কথা প্ৰকাশ কৰিছে নেতা গৰাকীয়ে ৷ উল্লেখ্য যে, এইবৰ্ষত হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰামদিয়া শংকৰদেৱ বিদ্যা নিকেতনৰ দুগৰাকীকৈ ছাত্ৰই স্থান লাভ কৰাৰ উপৰিও সমষ্টিটোৰ ভালেসংখ্যক শিক্ষাৰ্থীয়ে সু-খ্যাতিৰে উত্তীৰ্ণ হৈছে