ৰঙিয়া, 19 ছেপ্টেম্বৰ: ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা জয়া কলিতা নামৰ যুৱতীগৰাকীৰ বিৰুদ্ধে ৰঙিয়াত সংবাদ মেল ৷ সংবাদমেল সম্বোধন কৰি কামৰূপ জিলা পৰিষদৰ সদস্য লিটন কলিতা আৰু ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ(Rangia Panchayant) সভানেত্ৰী শিপ্ৰা দাসে জয়া কলিতাৰ বিৰুদ্ধে উত্থাপন কৰিলে কেইবাটাও গুৰুতৰ অভিযোগ ।
ব্লেক মেইলিঙৰ অভিযোগ উত্থাপন কৰা হৈছে জয়া কলিতাৰ বিৰুদ্ধে(Allegation against Joya Kalita) । অভিযোগ অনুসৰি ৫০ হেজাৰ টকা ব্লেক মেইলিং কৰিছিল জয়া কলিতাই । শ্ৰিপ্ৰা দাসৰ এন আৰ চিত নাম নাই বুলি প্ৰচাৰ চলাইছিল জয়া কলিতাই । পৰৱৰ্তী সময়ত শ্ৰিপ্ৰা দাস আৰক্ষীৰ কাষ চপাত জয়া কলিতাই লিখিতভাৱে ক্ষমা বিচাৰিছিল বুলি জানিবলৈ দিয়ে শিপ্ৰা দাসে ৷
জয়া কলিতাক ব্লেকমেইলাৰ আখ্যা দি প্ৰকৃত পৰিচয় বিচাৰিলে জনপ্ৰতিনিধিয়ে জয়া কলিতাই শিপ্ৰা দাসক লিখিতভাৱে ক্ষমা খোজাৰ তথ্যও দাঙি ধৰিলে লিটন কলিতা আৰু শিপ্ৰা দাসে । আনহাতে জয়া কলিতাৰ পৰিচয়ক লৈও সন্দেহ প্ৰকাশ কৰে ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাসে ৷ জয়া কলিতা নে জয়া বেগম সেয়া স্পষ্ট কৰিবলৈ আহ্বান জনায় শিপ্ৰা দাসে ।
উল্লেখ্য যে, 2018 চনত ৰাজ্য চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী হৈ থকা সময়তে বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই (BJP President Bhabesh Kalita) তেওঁৰে সমষ্টিৰ জয়া কলিতা নামৰ যুৱতীগৰাকীৰ পৰা চাকৰি দিয়াৰ নামত তিনি লাখ টকা বিচৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ উক্ত ঘটনাৰ লগত ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাসৰ লগতে কামৰূপ জিলা পৰিষদৰ সদস্য লিটন কলিতা জড়িত থকাৰো অভিযোগ উত্থাপন কৰিছিল জয়া কলিতা নামৰ যুৱতীগৰাকীয়ে ৷
লগতে পঢ়ক:ভবেশ কলিতাৰ হুংকাৰে টলাব পৰা নাই জয়া কলিতাক