বকো,30 ডিচেম্বৰ:কামৰূপৰ বকোত বুধবাৰে অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যনিৰ্বাহক সভা ৷ দক্ষিণ কামৰূপ জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত উক্ত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ লগতে দলটোৰ সাধাৰণ সম্পাদক ফণী শৰ্মাই ৷
বকোত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা - MP Queen Oza
বকোত অনুষ্ঠিত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা ৷ উক্ত সভাত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা ৷
বিজেপিৰ কাৰ্যনিৰ্বাহক সভা
সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি দলৰ সকলো কৰ্মকৰ্তাক অধিক সক্ৰিয় কৰি তোলাৰ অৰ্থে এই সভা অনুষ্ঠিত কৰা হোৱা বুলি সাংসদ কুইন ওজাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ পূৰ্বৰ পৰা বৰ্তমানলৈকে বকো আৰু ছয়গাঁও সমষ্টি কংগ্ৰেছৰ অধীনত আছে ৷ 2021 চনৰ নিৰ্বাচনত এই দুই আসন গেৰুৱা বাহিনীয়ে দখল কৰিব বুলি আশাবাদী গুৱাহাটীৰ সাংসদগৰাকী ৷