আজাৰা,12 অক্টোবৰ: পলাশবাৰী সমষ্টিত আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ । এটা ৰাজনৈতিক দলৰে বহুতো নেতাই ভিৰ কৰিছে সমষ্টিটোত ৷ এইবাৰ বিজেপিৰ পৰা নিৰ্বাচনী টিকট বিচাৰিব বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ হেমাংগ ঠাকুৰীয়াই ।
পলাশবাৰীত নিৰ্বাচনী প্ৰতিদ্বন্দিতা বিগত কেইবাদিন ধৰি সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাই থকা কমলা কলিতাক লৈও মত প্ৰকাশ কৰে ঠাকুৰীয়াই । পলাশবাৰী সমষ্টিক লৈ কোনো কাৰণতে অগপৰ সৈতে বুজা-বুজি হোৱা নাই আৰু কেতিয়াও নহয় বুলি মন্তব্য কৰে হেমাংগ ঠাকুৰীয়াই ।
লগতে তেওঁ কয় যে,2011 চনত বিজেপিয়ে হেমাংগ ঠাকুৰীয়াক দলীয়ভাৱে টিকট প্ৰদান কৰে যদিও তেওঁ নিৰ্বাচনত পৰাজিত হৈছিল ৷ কিন্তু এইবাৰ 2021ত পুনৰ নিজকে টিকটৰ দাবীদাৰ বুলি কৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য কৰে । আনহাতে তেওঁ পলাশবাৰী সমষ্টিৰ উপৰহালীত স্থাপন কৰিছে নিজ কাৰ্যালয় ।
উল্লেখ্য যে,পলাশবাৰী সমষ্টিত ইতিমধ্যে বিজেপিৰ বিধায়ক প্ৰণৱ কলিতা আছে ৷ তাৰপাচতো হেমাংগ ঠাকুৰীয়াই বিজেপিৰ পৰা নিজকে টিকটৰ দাবীদাৰ কৰাক লৈ এতিয়া চৰ্চা হৈছে বিভিন্ন মহলত ।
লগতে পঢ়ক:নলবাৰীত পুনৰ SI কাণ্ডৰ লগত জড়িত এজনক আটক