দক্ষিণ কামৰূপ, 11 ছেপ্তেম্বৰ :আগন্তুক বিধানসভা নিৰ্বাচনক লৈ পলাশবাৰী সমষ্টিত অব্যাহত আছে অগপ আৰু বিজেপিৰ যুঁজ । নিৰ্বাচনী দিন চমু চাপি অহাৰ লগতে আকৰ্ষণীয় হৈ পৰিছে পলাশবাৰী সমষ্টিৰ ৰাজনীতি । কি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী, কি বিজেপিৰ প্ৰাৰ্থী সকলোকে লাগে 2021 চনৰ নিৰ্বাচনী টিকট । ইতিমধ্যে,পলাশবাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই আছে ছয়গাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী কমলা কলিতাই । ইফালে, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাইজৰ মাজলৈ ওলাই আহি প্ৰচাৰ চলাইছে পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাইও । তাৰ মাজতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগতে প্ৰকাশ কৰি কয় যে,পলাশবাৰী সমষ্টি বিজেপিৰ দখলত আছে আৰু বিজেপিৰ বিধায়ক প্ৰণৱ কলিতাই পুনৰ 2021 চনৰ বিধানসভা নিৰ্বাচনত টিকট লাভ কৰাৰ সম্ভৱনা আছে । যদিহে প্ৰণৱ কলিতাই নিৰ্বাচনী যুঁজ নিদিয়ে তেতিয়া হলে বিজেপিৰ সক্ৰিয় নেতাই লাভ কৰিব পাৰে পলাশবাৰী সমষ্টিৰ টিকট ।
শেহতীয়াভাৱে 6 গৰাকী বিজেপিৰ বিধায়কৰ লগতে পলাশবাৰীৰ বিধায়ক প্ৰণৱ কলিতাই কংগ্ৰেছ দলত যোগদান দিয়াৰ চৰ্চা বিভিন্ন মাধ্যমত প্ৰচাৰ হৈ থকাৰ সময়তে সাংবাদিকৰ প্ৰশ্নত বিধায়ক কলিতাই একেষাৰে নৎসাত কৰি আগন্তুক নিৰ্বাচনত বিজেপিৰ হৈ নিৰ্বাচন খেলিব বুলি জানিবলৈ দিয়ে ।