অসম

assam

ETV Bharat / state

নাৰ্চাৰীৰে নিজৰ লগতে পাঁচজনক সংস্থাপন দিছে বিশ্বজিৎ ভট্টই

লক্ ডাউনে মানৱ জীৱন একপ্ৰকাৰে স্থৱিৰ কৰিছে যদিও, আন এফালে কিন্তু মানুহক মোকলাই দিছে বিকল্প চিন্তাৰ বাট ৷ বৰ্তমানৰ সংকটপূৰ্ণ সময়তো নিজৰ লগতে পাঁচজন কৰ্মচাৰীক স্বাৱলম্বী কৰি ৰাখিছে ৰঙিয়াৰ বিশ্বজিৎ ভট্ট নামৰ ব্যক্তি গৰাকীয়ে ৷ লক্ ডাউনৰ মাজতো বিশেষ অসুবিধা নোহোৱাকৈ চলি আছে বিশ্বজিৎ ভট্টৰ লগতে তেওঁৰ পাঁচগৰাকী কৰ্মচাৰীৰ পৰিয়াল।

self dependent by opening nursery
self dependent by opening nursery

By

Published : Jul 4, 2020, 10:25 PM IST

ৰঙিয়া, 4 জুলাই : লক্ ডাউনে মানৱ জীৱন একপ্ৰকাৰে স্থৱিৰ কৰিছে যদিও, আন এফালে কিন্তু মানুহক মোকলাই দিছে বিকল্প চিন্তাৰ বাট ৷ কৰ'ণা ত্ৰাস আৰু লক্ ডাউনৰ কৱলত পৰি বহিঃৰাজ্যৰ পৰা অসমলৈ উভটিছে লক্ষাধিক যুৱক-যুৱতী ৷ বৰ্তমান তেওঁলোক হৈ পৰিছে কৰ্মহীন ৷ কিন্তু নিজৰ স্বাৱলম্বনৰ কথা ভাবি তেওঁলোকৰ মাজৰ বহুতেই এতিয়া কৃষি কাৰ্যত মনোনিৱেশ কৰিবলৈ আগবাঢ়িছে ৷ সৰবৰাহী একাংশ লোকেও সহায় আগবঢ়াইছে তেওঁলোকলৈ ৷

বৰ্তমানৰ সংকটপূৰ্ণ সময়তো নিজৰ লগতে পাঁচজন কৰ্মচাৰীক স্বাৱলম্বী কৰি ৰাখিছে ৰঙিয়াৰ বিশ্বজিৎ ভট্ট নামৰ ব্যক্তি গৰাকীয়ে ৷ চৰকাৰী বা ব‍্যক্তিগত খণ্ডৰ চাকৰিৰ কথা নাভাবি নাৰ্ছাৰী খুলি আত্মনিৰ্ভৰ হোৱাৰ সংকল্প লৈছিল ৰঙিয়াৰ তেওঁ । সেই পৰিকল্পনা অনুসৰিয়েই এতিয়াৰ পৰা প্ৰায় পাঁচবছৰ আগতে নিজৰ ঘৰতেই আৰম্ভ কৰিছিল টিউলিপ নাৰ্ছাৰী। সময় পাৰ হোৱাৰ লগে লগে নাৰ্ছাৰীখনে ঠন ধৰি উঠে আৰু গ্ৰাহকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

নিজৰ লগতে পাঁচজনক সংস্থাপন দিছে বিশ্বজিৎ ভট্টই

লক্ ডাউনত পৰি কৰ্মসংস্থাপনৰ অভাৱৰ বাবে একাংশ লোক আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে যদিও এই নাৰ্ছাৰীখন বিশেষ প্ৰভাৱ নপৰাকৈ চলি আছে । ফলত বিশেষ অসুবিধা নোহোৱাকৈ চলি আছে বিশ্বজিৎ ভট্টৰ লগতে তেওঁৰ পাঁচগৰাকী কৰ্মচাৰীৰ পৰিয়াল। চাকৰিৰ পিছত লাগি নাথাকি সোঁতৰ বিপৰীতে থিয় দি নিজকে সংস্থাপিত কৰাৰ যি প্ৰত‍্যহ্বান সেয়া গ্ৰহণ কৰি সফল হৈছে বিশ্বজিৎ ভট্ট। ক'ভিডৰ আতংক আৰু লক ডাউনৰ সময়ছোৱাত তেওঁ এগৰাকী সমাজৰ বাবে আদৰ্শ দাঙি ধৰিছে ।

লগতে পঢ়ক :ইজনৰ পাছত সিজনকৈ চিকিৎসা কৰ্মী আক্ৰান্ত হৈছে কৰণাত

ABOUT THE AUTHOR

...view details