অসম

assam

ছয়গাঁৱৰ উলংগ নৃত্য কাণ্ডঃ গোলাঘাটত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদ

By

Published : Jun 11, 2019, 7:45 PM IST

বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ নাৰী সুৰক্ষা সুনিশ্চিত কৰক, ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰক, অসমীয়া সংস্কৃতি পৰম্পৰা অক্ষুণ্ণ ৰাখক আদি শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজপথ ।

ছয়গাঁও কাণ্ডৰ প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদৰ

গুৱাহাটী, 11 জুন : ছয়গাঁৱত সংঘটিত হোৱা লজ্জাজনক কাণ্ডৰ পাছতে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বিশ্ব হিন্দু পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে ৷ বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ নাৰী সুৰক্ষা সুনিশ্চিত কৰক, ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰক, অসমীয়া সংস্কৃতি পৰম্পৰা অক্ষুণ্ণ ৰাখক আদি শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজপথ । অতি শীঘ্ৰে চৰকাৰক এই নিৰ্লজ্জ কাণ্ডৰ লগত জড়িতসকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈও দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

ছয়গাঁও কাণ্ডৰ প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদৰ

উল্লেখ্য যে ছয়গাঁৱৰ চৰাঞ্চলত নৃত্য শিল্পীক উলংগ নৃত্য কৰিবৰ বাবে একাংশ উদণ্ড দৰ্শকে দাবী-ধমকি দি অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ABOUT THE AUTHOR

...view details