অসম

assam

ETV Bharat / state

ছয়গাঁৱত চুৰি বাইক সহ আটক দুজন - bike thief

২০১৯ চনতে গুৱাহাটীৰ পৰা চুৰি হোৱা এখন পালচাৰ 220 বাইক সে‍ামবাৰে ছয়গাওঁত উদ্ধাৰ কৰাৰ লগতে দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

bilke thife arrested at chiagoan police
ছয়গাওঁ ছুৰি বাইক সহ দুজন ব্যক্তি আটক

By

Published : Jun 9, 2020, 12:18 PM IST

ছয়গাঁও, ৯জুনঃ ছয়গাঁও আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই কুকুৰমাৰাৰ পৰা চুৰি বাইক ক্ৰয় কৰাৰ অপৰাধত দুজন লোকক আটক কৰে ৷ আটকাধীন লোক দুজন হ’ল পলাশবাৰী সমষ্টিৰ বৰতেজপুৰ গাঁৱৰ হিমাংশু কলিতা আৰু 2 নং আমতলা গাঁৱৰ ফুকন কলিতা ৷

জানিব পৰা মতে যোৱা ২০১৯ চনৰ ২৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ আমিনগাঁৱৰ পৰা এখন পালচাৰ ২২০ বাইক চুৰি হৈছিল ৷ ইতিমধ্যে বাইকখ চুৰি হোৱা সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিতে তদন্ত অব্যাহত ৰাখিছিল কামৰূপ আৰক্ষীয়ে ৷

bike thief arrested chiagoan police

সোমবাৰে নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা অভিযানত চুৰি হোৱা বাইক সহ দুজন লোকক আটক কৰে ৷ জানিব পৰা মতে উক্ত বাইকখনৰ গৰাকী আছিল ছিপাঝাৰৰ এজন ব্যক্তি । ইপিনে উক্ত বাইকখন কোনে চোৰ কৰিছিল এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও চোৰৰ পৰাই আটকাধীন লোক দুজনে বাইকখন ক্ৰয় কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢকঃ বকোত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ABOUT THE AUTHOR

...view details