জনীয়া, 22 মে' : জনীয়াৰ কৈমাৰিত আৰক্ষীৰ অভিযানত আটক এটা মটৰচাইকেল চোৰ৷ বৰপেটা জিলাৰ বালিকুৰী আৰক্ষী চকীৰ ভৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল গণিৰ নেতৃত্বত যোৱা দল এটাই কৈমাৰী গাঁৱৰ পৰা এটা AS 01DF 1602 নম্বৰৰ এখন TVS মটৰচাইকেলসহ আটক কৰে জয়নাল আবেদিন নামৰ চোৰটোক৷
জনীয়া আৰক্ষীৰ জালত মটৰ চাইকেল চোৰ - jonia
AS 01DF 1602 নম্বৰৰ এখন TVS মটৰচাইকেলসহ আৰক্ষীয়ে আটক কৰে জয়নাল আবেদিন নামৰ চোৰটোক ৷
![জনীয়া আৰক্ষীৰ জালত মটৰ চাইকেল চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3348478-845-3348478-1558497518506.jpg)
ইটিভি ভাৰত
জনীয়াত আৰক্ষীৰ অভিযানত আটক মটৰ চাইকেল চোৰ
বালিকুৰিৰ পাগলা বজাৰৰ সামছুল নামৰ এজন ব্যক্তিৰ পৰা ৮ মাহ পূৰ্বে ৩১ হাজাৰ টকাৰে চুৰি মটৰচাইকেলখন কিনি লৈছিল জয়নাল আবেদিনে৷ মটৰ চাইকেলখনৰ প্ৰকৃত গৰাকী প্ৰীতম দে বুলি আৰক্ষীক জানিবলৈ দিয়ে জয়নালে৷