অসম

assam

ETV Bharat / state

চুপাৰী চিণ্ডিকেটৰ ঘাটিত পৰিণত বিজয়নগৰ - বিজয়নগত চুপাৰী চিণ্ডিকেট

দক্ষিণ কমৰূপৰ বিজয়নগৰ মাৰোৱাৰী পট্টিৰ পৰা চলিছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে চুপাৰীৰ সৰ্ববৃহৎ ছিণ্ডিকেট ৷

As_kam_betel_nut_syndicate_vis_as10020
চুপাৰী চিণ্ডিকেটৰ ঘাটিত পৰিণত বিজয়নগৰ

By

Published : Dec 13, 2020, 4:51 PM IST

দক্ষিণ কামৰূপ,13 ডিচেম্বৰঃ দক্ষিণ কমৰূপৰ বিজয়নগৰৰ মাৰোৱাৰী পট্টিৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে চুপাৰীৰ সৰ্ববৃহৎ ছিণ্ডিকেট চলাৰ অভিযোগ উত্থাপন হৈছে ৷ নিশা হ’লেই বিজয়নগৰ পৰিৱৰ্তিত হয় চুপাৰীৰ চিণ্ডিকেটৰ ঘাটিলৈ । বিজয়নগৰৰ অভিযুক্ত চুপাৰী মাফিয়া সঞ্জয় জৈনৰ গুদামৰ পৰা কিছুদিন পুৰ্বে চুৰি হোৱা ২২ বেগ চুপাৰী পলাশবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিলে আন এক অভিযুক্ত মাফিয়া সুভাষ জৈনৰ গুদামৰ পৰা ।

চুপাৰী চিণ্ডিকেটৰ ঘাটিত পৰিণত বিজয়নগৰ

সুভাষ জৈনৰ লগতে এই চুপাৰীৰ চুৰি কাৰ্যত জড়িত আন 7 জন লোককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ সেই লোককেইজন ক্ৰমে, বৰপেটাৰ ইউছুফ আলী, ইউছুফ তালুকদাৰ, আৰমান খান, ছাইফুল ইছলাম, আবুল কালাম, ছয়গাৱৰ আলি হুছেইন আৰু বকোৰ পাচান আলী বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰিও চুৰি কাৰ্যত ব্যৱহাৰ কৰা AS-25 BC-8778 আৰু AS-07 AC-4813 নম্বৰৰ গাড়ী দুখনো জব্দ কৰে আৰক্ষীয়ে ৷

ঘটনা অনুসৰি যোৱা ৬ ডিচেম্বৰত বিজয়নগৰৰ পৰা AS-25 BC-8778 নম্বৰৰ XCENT বাহনযোগে লৈ যোৱা হৈছিল চুৰি চুপাৰীখিনি ৷ ইয়াৰ পিছতেই কেইবাজনো লোকক বিক্ৰী কৰাৰ অন্তত পুনৰ বিজয়নগৰতে সুভাষ জৈন নামৰ লোকজনক বিক্ৰী কৰে চুপাৰীখিনি । আৰক্ষীৰ প্ৰায় ৩০ জনীয়া দলে অভিযান চলাই চিণ্ডিকেট চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক-বিজনীত আৰক্ষীৰ জালত চোৰাং গৰুভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details