বকো,12 জানুৱাৰী : ৰাজ্যৰ চৌপাশে এতিয়া ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি পূৰ্ণ গতিত চলিছে। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবৰ বাবে আটকধুনীয়াকৈ ভেলাঘৰ সাজু কৰি তোলাত ব্যস্ত হৈ পৰিছে ডেকা সকল । আৱাল বৃদ্ধ-বনিতাৰ পৰা আৰম্ভ কৰি সকলোৱে ব্যস্ত ভোগালীক আদৰাৰ প্ৰস্তুতিত । কোনে কিমান ধুনীয়াকৈ ভেলাঘৰ সাজিব পাৰে তাৰে যেন এক অঘোষিত প্ৰতিযোগিতাহে চলিছে ৰাজ্যজুৰি ।
বকোৰ গাধোপোতা গাঁৱত কাৰেংঘৰৰ আৰ্হিত সাজিছে ভেলাঘৰ - BIHU PREPARATION AT BOKO
প্ৰত্যেক বছৰৰ দৰে এইবাৰো ভোগালীৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ চৌদিশ ৷ বিভিন্ন প্ৰান্তৰ লগতে উৰুকাৰ নিশা এসাঁজ খাবলৈ প্ৰস্তুতি চলোৱাৰ সমান্তৰালকৈ ভেলাঘৰ সজাৰো এক অঘোষিত প্ৰতিযোগিতা চলিছে ৰাজ্যজুৰি ৷
বকোৰ গাধোপোতা গাঁৱত কাৰেংঘৰৰ আৰ্হিত সাজিছে ভেলাঘৰ
দক্ষিণ কামৰূপৰ বকোৰ বন্দাপাৰাৰ গাধোপুতা গাঁৱত 24 ডিচেম্বৰৰ পৰা গাঁওখনৰ এদল যুৱকে একেলগ হৈ সাজিবলৈ লৈছে বৃহৎ আকাৰৰ এটি ভেলাঘৰ ৷ দিনে নিশাই কাৰেংঘৰৰ আৰ্হিত ভেলাঘৰটো সাজিবলৈ ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ যুৱক সকলে । বকোৰ বন্দাপাৰাৰ গাধোপোতা বাসীয়ে প্ৰতি বছৰে ব্যতিক্ৰমী ভেলাঘৰ সাজি দৃষ্টি আকৰ্ষণ কৰাৰ দৰে এই বেলিও কাৰেংঘৰ সদৃশ ভেলাঘৰ সাজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
লগতে পঢ়ক:ভোগালী বিহুক লৈ উখল-মাখল মহানগৰী