ৰঙিয়া,15 এপ্ৰিল: সুদীৰ্ঘ ৪৩ বছৰে বিহুৰ বাদ্যযন্ত্ৰ প্ৰস্তুত কৰি আহিছে ৰঙিয়াৰ গণেশ দাসে । অসমীয়াৰ বাপতি সাহোন চেনেহৰ ৰঙালী বিহুক লৈ আনন্দ-উল্লাসেৰে ঢুলীয়া-নাচনীসকল ব্যস্ত হৈ পৰিছে ৷ তেনেদৰে বিহু নাচত ব্যৱহৃত বাদ্যযন্ত্ৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৰঙিয়াৰ শিল্পী গণেশ দাস ।
সূদীৰ্ঘ সময় বিহুৰ বাদ্যযন্ত্ৰ প্ৰস্তুতত ব্যস্ত এগৰাকী ব্যক্তি - ৰঙিয়াৰ কুটিৰ শিল্পী গনেশ দাস
সুদীৰ্ঘ ৪৩ বছৰে বিহুৰ বাদ্যযন্ত্ৰ প্ৰস্তুত কৰি আহিছে ৰঙিয়াৰ গণেশ দাসে ৷ এইবেলি প্ৰায় এহেজাৰ ঢোল প্ৰস্তুত কৰি অসমৰ ৰাইজক তথা বিহুৱা দল আৰু শিল্পীসকলক যোগান ধৰিছে দাসে ।
সূদীৰ্ঘ ৪৩ বছৰে বিহুৰ বাদ্যযন্ত্ৰ প্ৰস্তুত কৰি আহিছে ৰঙিয়াৰ গনেশ দাসে
ব’হাগ বিহু অহাৰ লগে লগে শিল্পীগৰাকীয়ে আৰম্ভ কৰি দিয়ে বাদ্যযন্ত্ৰ প্ৰস্তুতকৰণত । এইবেলি প্ৰায় এহেজাৰ ঢোল প্ৰস্তুত কৰি অসমৰ ৰাইজক তথা বিহুৱা দল আৰু শিল্পীসকলক যোগান ধৰিছে দাসে ।
লগতে পঢ়ক :অসম সাহিত্য সভাই সন্মান জনালে মেৰাপানীৰ জ্যেষ্ঠসকলক