গুৱাহাটী,17 ফেব্ৰুৱাৰী:গো মাতাৰ পূজাৰ নাম লৈ আচলতে অসমত সৰ্বানন্দ সোণোৱালে চলাইছে গৰুৰ চোৰাং বেহা । লগতে অবাধ হাৰত চলাইছে কয়লাৰ ছিণ্ডিকেট । এই চৰকাৰৰ সকলো অপকৰ্ম অসমবাসীয়ে বুজি পাইছে আৰু সমাগত নিৰ্বাচনত তাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ৷ বুধবাৰে এক সংবাদমেলত এই মন্তব্য কৰে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷
সোণোৱাল চৰকাৰে দি অহা উন্নয়নৰ শ্ল’গান অৰ্থহীন বুলি আঙুলিয়াই দি বাঘেলে কয়, আচলতে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত কেৱল চলিছে গৰু আৰু কয়লাৰ ছিণ্ডিকেট। এই চৰকাৰৰ কাৰ্যকালত বাংলাদেশত 2016 চনৰ পৰা 2018 চনৰ ভিতৰত গো মাংসৰ যোগান 211শতাংশ বাঢ়িছে ।
তেওঁৰ মতে, বিজেপিয়ে গো মাতাৰ পূজা আৰু সংৰক্ষণৰ কথা কৈ ভোট বিচাৰে যদিও সেয়া এক প্ৰতাৰণাহে। ইয়াৰ বিপৰীতে সৰ্বানন্দ সোণোৱালৰ চৰকাৰ চলাইছে গৰু ছিণ্ডিকেটৰ বেহা । এই কাৰ্যত চৰকাৰে ব্যবহাৰ কৰিছে খোদ পশুপালন বিভাগক । তাৎপৰ্যপূৰ্ণভাৱে গৰু ছিণ্ডিকেটৰ জৰিয়তে চালান হোৱাৰ সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰা গৰু ক’ত ক’ত সংৰক্ষণ কৰা হৈছে তাৰ বিষয়ে ৰাজহুৱা কৰিবলৈ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দাবী জনায় ।