ভূপেন হাজৰিকাৰ নামত নিজৰ জীৱন দান দিয়া এজন ব্যক্তি - বিশ্ববৰণ্য শিল্পী ডঃ ভূপেন হাজৰিকা
জালুকবাৰী সমাধিক্ষেত্ৰত ভূপেন দাক শ্ৰদ্ধা জনাবলৈ আহিল হাজোৰ এগৰাকী বিশেষ ব্যক্তি । নাম জয়ৰাম দাস । যাযাবৰী শিল্পী ভূপেন দাক মনে প্ৰাণে ভাল পাই তেখেতে । লগতে ভূপেন দাৰ নামেৰেই এখন টেম্প' নিৰ্মাণ কৰি ৰাজ্যৰ চৌদিশে অসমীয়াৰ শিল্পীগৰাকীৰ বাৰ্তা বিলাই থাকে জয়ৰাম দাসে।
গুৱাহাটী,8ছেপ্টেম্বৰঃ দেওবাৰে বিশ্ববৰণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্মজয়ন্তী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হৈছে অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাক । জালুকবাৰী সমাধিক্ষেত্ৰত ভূপেন দাক শ্ৰদ্ধা জনাবলৈ আহিল হাজোৰ এগৰাকী বিশেষ ব্যক্তি । নাম জয়ৰাম দাস । যাযাবৰী শিল্পী ভূপেন দাক মনে প্ৰাণে ভাল পাই তেখেতে । উল্লেখ্য যে ভূপেন দা জীৱিত কালৰ পৰায়ে বিভিন্ন ব্যতিক্ৰমী কাৰ্যকলাপৰে ভূপেন হাজৰিকাক সন্মান জনাই আহিছিল জয়ৰাম দাসে । জয়ৰাম দাসৰ ভূপেন হাজৰিকাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু অগাধ ভাল পোৱাৰ বাবে একাংশই তেওঁক পাগল বুলিও ইতিকিং কৰে । এইবোৰ সহিও নিজৰ জীৱন ভূপেন দাৰ নামত তুচ্ছ কৰি দিছে লোকজনে । ইফালে ভূপেন দাৰ নামেৰেই এখন টেম্প' নিৰ্মাণ কৰি ৰাজ্যৰ চৌদিশে অসমীয়াৰ শিল্পীগৰাকীৰ বাৰ্তা বিলাই থাকে জয়ৰাম দাসে।