বাইহাটা চাৰিআলি, 15 এপ্ৰিলঃ বিজেপিক হাইপ্ৰফাইল কেম্পেইনাৰৰ প্ৰয়োজন আছে, কংগ্ৰেছৰ নাই ৷ এক বৃহৎ ৰোড শ্ব'ত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মঙ্গলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই ৷
বাইহাটাত বৃহৎ ৰেলীৰে চমক ভুৱনেশ্বৰ কলিতাৰ - ভুৱনেশ্বৰ কলিতা
মঙ্গলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই সোমবাৰে সমষ্টিটোৰ বাইহাটা চাৰিআলিৰ পৰা নলবাৰীলৈ এক বৃহৎ ৰোড শ্ব'ত অংশগ্ৰহণ কৰে ৷

বাইহাটাত বৃহৎ ৰেলীৰে চমক ভুৱনেশ্বৰ কলিতাৰ
বিজেপিৰ হাইপ্ৰফাইল কেম্পেইনাৰৰ প্ৰয়োজন আছে, কংগ্ৰেছ দলৰ সেই প্ৰয়োজন হোৱা নাই । কংগ্ৰেছ দলে ঘৰে ঘৰে, দুৱাৰে দুৱাৰে গৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ । সেয়ে কংগ্ৰেছ দলক হাই প্ৰফাইল নেতাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে প্ৰয়োজন হোৱা নাই বুলি মন্তব্য কৰে মঙ্গলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই । বাইহাটা চাৰিআলিত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰি মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ জয় নিশ্চিত বুলিও উল্লেখ কৰে ।
বাইহাটাত বৃহৎ ৰেলীৰে চমক ভুৱনেশ্বৰ কলিতাৰ