অসম

assam

ETV Bharat / state

বকোত ভোগালী মেলাৰ শুভউদ্বোধন কৰিলে সাংসদ কুইন ওজাই

বকোত ৭দিনৰ বাবে গঢ়ি উঠিছে এখন থলুৱা বজাৰ। এই বজাৰখনত পাব থলুৱা ভাবে প্ৰস্তুত কৰা বিভন্ন প্ৰকাৰৰ পিঠা, লাৰু, সান্দহ, চাউল, দৈ, জৈৱিক ভাবে উৎপাদন কৰা শাক পাচলি, জুইত সেকা শুকান মাছ আৰু হাতে বোৱা গামোচা, মেখেলা চাদৰ।

By

Published : Jan 7, 2021, 9:51 PM IST

বকোত ভোগালী মেলাৰ শুভউদ্বোধন কৰিলে সাংসদ কুইন ওজাই
বকোত ভোগালী মেলাৰ শুভউদ্বোধন কৰিলে সাংসদ কুইন ওজাই

বকো,7 জানুৱাৰীঃ বকোত সাত দিনৰ বাবে ‌গঢ়ি উঠিছে এখন থলুৱা বজাৰ। বৃহস্পতিবাৰে থলুৱা বজাৰখন অৰ্থাৎ মাঘ বিহু উপলক্ষে গঢ়ি উঠা দ্বিতীয় বাৰ্ষিক অসমী ভোগালী মেলা-২০২১ৰ শুভ উদ্ধোধন কৰে সাংসদ কুইন ওজাই । অসমীয়াৰ স্বাভিমান কৃষি ভিত্তিক উৎসৱ মাঘ বিহুৰ প্ৰাকমুহুৰ্ত বজাৰখন গঢ়ি তুলিলে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৃষ্টি মণ্ডল সংগঠনটোৱে ।

বকোত ভোগালী মেলাৰ শুভউদ্বোধন কৰিলে সাংসদ কুইন ওজাই

সংগঠনটোৰ তিনিখনকৈ গাঁও পঞ্চায়তৰ ৫৪৫টা আত্ম সহায়ক গোটৰ সদস্যসকলে ৩৫টা বিপনীত থলুৱাভাবে প্ৰস্তুত কৰা পিঠা, লাৰু, দৈ, খান্দহৰ লগতে হাতে বোৱা মেখেলা চাদৰ, গামোচা, জৈৱিক ভাবে উৎপাদিত শাক‌ পাচলিৰে এখন থলুৱা বজাৰ‌ গঢ়ি তুলিছে । ৰাজ্যৰ চৌপাশে ঢেকিৰ শব্দ। জীয়ৰী বোৱাৰী অতি ব্যস্ত হৈ পৰিছে । কাৰণ দুৱাৰ দলিত অসমীয়াৰ হিয়াৰ আমঠু অসমৰ জাতীয় উৎসৱ মাঘ বিহু ।

বকোত ভোগালী মেলাৰ শুভউদ্বোধন কৰিলে সাংসদ কুইন ওজাই

তাৰ মাজতে আপোনালোকৰ যদি তিল পিঠা, জোন পিঠা, খাৰু পিঠা, চুঙা পিঠা, ভোকা পিঠা, আঙুলি পিঠা, খিৰ পিঠা, তিল পিঠা, পানী পিঠা, তিলৰ লাৰু, নাৰিকলৰ লাৰু, গুৰাৰ লাৰু, চুজি লাৰু, দৈ, নাৰিকলৰ চিৰা খাবলৈ মন গৈছে‌ বকোলৈ আহিবলৈ আহ্বান জনাইছে উদ্যোগতাই।

লগতে পঢ়কঃ অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ এটা সফল বর্ষ ২০২০

ABOUT THE AUTHOR

...view details