অসম

assam

ETV Bharat / state

মিঞা মিউজিয়ামৰ বিৰুদ্ধে ৰঙিয়াত ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰতিবাদ - বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী

মিঞা মিউজিয়ামৰ বিৰুদ্ধে ৰঙিয়াত ভাৰতীয় জনতা যুৱ মৰ্চাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিধায়ক শ্বেৰমান আলীৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীয়ে ৷

Bhartiya Janata Yuva Marcha protest at Rangia
ৰঙিয়াত ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰতিবাদ

By

Published : Oct 31, 2020, 8:14 PM IST

ৰঙিয়া, 31 অক্টোবৰ :ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো অব্যাহত আছে মিঞা মিউজিয়ামৰ বিৰুদ্ধে প্ৰতিবাদ । শনিবাৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উত্তৰ কামৰূপ জিলাৰ সদস্যসকলে মিঞা মিউজিয়ামৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীৰ প্ৰতিকৃতি লৈ প্ৰতিবাদকাৰী সকলে ৰঙিয়াৰ মাজেৰে সমদল উলিয়ায় ।

ৰঙিয়াত ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰতিবাদ
ৰঙিয়াত ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰতিবাদ

শ্বেৰমান আলী হায় হায়, কংগ্ৰেছৰ মিঞা ৰাজনীতি নচলিব, কংগ্ৰেছ নিপাত যাওক আদি বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত শ্বেৰমান আলীৰ জুমুঠি দাহ কৰে প্ৰতিবাদকাৰীয়ে । লগতে মিঞা সংস্কৃতি আমদানি কৰি অসমৰ পুৰণিকলীয়া সংস্কৃতি ধ্বংস কৰিবলৈ দিয়া নহ'ব বুলিও প্ৰতিবাদকাৰীয়ে সকিয়াই দিয়ে । প্ৰতিবাদৰ সময়ছোৱাত ৰাজপথত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ৷

ৰঙিয়াত ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰতিবাদ

লগতে পঢ়ক :শ্বেৰমান আলী আহমেদৰ পুত্তলিকা দাহ

ABOUT THE AUTHOR

...view details