গুৱাহাটী, 2 জুন: লক ডাউনৰ মাজতে শ্ৰমৰ মৰ্যদাৰ দাবীৰে আই আই টি গুৱাহাটীত শ্ৰমিকৰ প্ৰতিবাদ ৷ লক ডাউনৰ সময়ত নীতি বৰ্হিভুত ভাবে আই আই টি গুৱাহাটীৰ 99 জন শ্ৰমিকক কামৰ পৰা উলিয়াই দিয়াকলৈ সোমবাৰে প্ৰতিবাদ মুখৰ হৈ পৰে ভাৰতীয় মজদুৰ সংঘ । এই কাৰ্যৰ বিৰোধিতাৰে গুৱাহাটী আই আই টিৰ লঠিয়াবাগিছা গেটৰ সন্মুখৰ খেলপথাৰত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় মজদুৰ সংঘই ৷
আই আই টি গুৱাহাটীত ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিবাদী সভা - Bharatiya Mazdoor Sangh protest at IIT Guwahati
লক ডাউনৰ সময়ত নীতি বৰ্হিভুত ভাবে আই আই টি গুৱাহাটীৰ 99 জন শ্ৰমিকক কামৰ পৰা উলিয়াই দিয়াকলৈ সোমবাৰে প্ৰতিবাদ মুখৰ হৈ পৰে ভাৰতীয় মজদুৰ সংঘ ।
আই আই টি গুৱাহাটীত ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিবাদী সভা
উল্লেখ্য যে, সোমবাৰে আই আই টি গুৱাহাটীত ঠিকা ভিত্তিত কাম কৰি থকা তথা কোনোধৰণৰ অভিযোগ নথকাকৈ উদ্যানত সেৱা আগবঢ়াই অহা ৯৯ গৰাকী শ্ৰমিকক কামৰ পৰা অপসাৰণ কৰে প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই ৷ লগতে এপ্ৰিল মাহৰ পৰা শ্ৰমিকসকলৰ বেতন বন্ধ কৰি ৰাখিছে প্ৰতিষ্ঠানটোৱে ৷ এই ঘটনাৰ বিৰোধিতাৰ প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় মজদুৰ সংঘই ৷ লগতে কামৰ পৰা অব্যাহতি দিয়া শ্ৰমিক সকলক সাহাৰ্য আৰু চেনিটাইজাৰ বিতৰণ কৰে ভাৰতীয় মজদুৰ সংঘই ৷
লগতে পঢ়কঃ নিৰ্বিকাৰ বন বিভাগঃ শোণিতপুৰত ব্যাপক হাৰত চলিছে বন ধ্বংস অভিযান