অসম

assam

ETV Bharat / state

Bharat Yatra: শিলচৰৰ পৰা দিল্লী অভিমুখী ভাৰত যাত্ৰা ৰঙিয়াত উপস্থিত - সৰ্বভাৰতীয় শিক্ষক সংঘ

শিলচৰত আৰম্ভ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ নেতৃত্বত আৰম্ভ হোৱা 'ভাৰত যাত্ৰা' ৰঙিয়াত উপস্থিত হোৱাত দলটোক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

All Assam Government NPS Employees Association
অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 5:38 PM IST

অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ

ৰঙিয়া, ৮ ছেপ্টেম্বৰ: যোৱা পাঁচ ছেপ্টেম্বৰত শিলচৰৰ পৰা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ নেতৃত্বত আৰম্ভ হোৱা 'ভাৰত যাত্ৰা' শুক্ৰবাৰে ৰঙিয়াত উপস্থিত হয় । 'ভাৰত যাত্ৰা'ৰ দলটো ৰঙিয়াত উপস্থিত হোৱাৰ পিছত ৰঙিয়াৰ নতুন পেন্সন নীতিৰ অন্তৰ্ভুক্ত শিক্ষক তথা কৰ্মচাৰী সকলে স্বাগতম জনায় । ৰঙিয়াত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ৰঙিয়া সমিতিয়ে 'ভাৰত যাত্ৰা' সদস্য সকলক সম্বৰ্ধনা জ্ঞাপন কৰে ।

ভাৰত যাত্ৰাৰ নেতৃত্বত থকা সৰ্বভাৰতীয় শিক্ষক সংঘৰ মুখ্য সম্পাদক কমলাকান্ত ত্ৰিপাঠীয়ে উপস্থিত শিক্ষক তথা কৰ্মচাৰী সকলক উদ্দেশ্যি কয় যে এন পি এছ ব‍্যৱস্থাৰ অন্ত পেলাই পুৰণি পেন্সন নীতি পুনৰ বাহাল নকৰাকৈ ক্ষান্ত নহয় । তেওঁ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ‍্য চৰকাৰকো সকীয়াই দিয়ে যে আগন্তুক সময়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত এন পি এছৰ সকলো কৰ্মচাৰীয়ে বিকল্প দলৰ সন্ধান কৰিব যিয়ে এন পি এছ সম্পূৰ্ণ ৰূপে বাতিল কৰিব ।

ইফালে, অসম ৰাজ‍্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে এন পি এছৰ কৰ্মচাৰী সকলৰ নিজৰ প্ৰাপ্য আদায়ৰ এই গণতান্ত্ৰিক আন্দোলনক ৰাজনীতিকৰণ কৰিবলৈ এচামে অহৰহ চেষ্টা কৰি আছে । তেওঁ কয় যে এই মঞ্চ ৰাজনীতিৰ বাবে নহয় । নিজৰ প্ৰাপ্য আদায়ৰ বাবে আগন্তুক সময়ত কৰ্মচাৰীসকলে অহৰহ তীব্র আন্দোলন কৰি যাব ।

লগতে পঢ়ক:Bharat Yatra:শিক্ষক দিৱসৰ দিনটোতে অসমৰ পৰা আৰম্ভ ভাৰত যাত্ৰাৰ

এই সভাৰ অন্তত অসম ৰাজ‍্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰঙিয়া শাখাই ভাৰত যাত্ৰাৰ দলটোক নলবাৰীলৈ আগুৱাই দিয়ে । উল্লেখযোগ্য যে এন পি এছ অন্তৰ্ভুক্ত প্ৰায় সকলো সংগঠনৰ সমৰ্থন থকা এই 'ভাৰত যাত্ৰা' পাঁচ চেপ্তেম্বৰ দিনা শিলচৰত আৰম্ভ হোৱাৰ পিচত অহা পাঁচ অক্টোবৰৰ দিনা নতুন দিল্লীত অন্ত পৰিব ।

লগতে পঢ়ক:Inland Waterways Authority of India : অসমৰ পাণ্ডু বা ধুবুৰী বন্দৰ ব্যক্তিগতকৰণ কৰা হোৱা নাই; দাবী ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ

ABOUT THE AUTHOR

...view details