ৰঙিয়া,27 ছেপ্টেম্বৰ:ভুপেন বৰাই মুখ্যমন্ত্ৰী সলনি হ’ব বুলি কৰা মন্তব্যৰ উত্তৰ দি বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা(BJP state president Bhavesh Kalita)ই ব্যক্ত কৰে তেওঁৰ প্ৰতিক্ৰিয়া । ভূপেন বৰা কোন ? ভূপেন বৰা বিজেপিৰ সভাপতি নেকি বুলি প্ৰশ্ন কৰি কলিতাই কয় যে ভূপেন বৰাই এতিয়া নিজৰ দলৰ ফালে নজৰ দিয়া উচিত(Bhabesh Kalita slams Bhupen Borah) । আনহাতে প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ কথাও উল্লেখ কৰে কলিতাই (Bhabesh Kalita reacts to Priyanka Gandhi visit to Assam)।
বিধায়ক গৰাকীয়ে কয় যে 'ভাৰত জোড়ো' কৰিবলৈ প্ৰিয়ংকা গান্ধী ধুবুৰীলৈহে আহিব, গুৱাহাটীলৈ কেতিয়াও নাহে । কেন্দ্ৰত দহ বছৰ আৰু ৰাজ্যত পোন্ধৰ বছৰ কংগ্ৰেছে শাসন কৰাৰ সময়তো তেওঁৰ অসমলৈ মনত পৰা নাছিল । কিন্তু বৰ্তমান কংগ্ৰেছৰ অপশাসনৰ পৰা মুক্তি বিচাৰিছে অসমৰ ৰাইজে ।