ৰঙিয়া, 20 ডিচেম্বৰ:সোমবাৰে ৰঙিয়াত উপস্থিত হয় ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা । ৰঙিয়াত উপস্থিত হৈ অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই (State BJP president Bhavesh Kalita) মুকলি কৰে ৰঙিয়াৰ জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত পীতাম্বৰ হাটবজালীক আদৰ্শ গাঁও হিচাপে (Bhabesh Kalita opens model village in Rangia) । এই উপলক্ষে আয়োজন কৰা এখনি সভাত বিধায়কগৰাকীয়ে অসম চৰকাৰৰ অভিলাসী আঁচনি ‘‘অসম আদৰ্শ গ্ৰাম্য যোজনা’’ৰ(Assam Adarsh Gramin Yojana) অধীনত প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে 10 টাকৈ নৱনিৰ্মিত প্ৰকল্পৰো শুভ উদ্বোধন কৰে (Inauguration of 10 newly constructed projects) ।
গাঁওখনৰ বিশাল সভাত ভৱেশ কলিতাই প্ৰকল্প সমূহ উদ্বোধন কৰি মন্তব্য কৰে যে, গাঁওখন আদৰ্শ হ'লেই নহ'ব, গাঁওখনৰ মানুহখিনিও সংস্কাৰী হ'ব লাগিব । লগতে এই প্রকল্প কেইটাই আগন্তুক দিনবোৰত পঞ্চায়টোৰ অধীনৰ ৰাইজৰ বহু অভাৱ তথা সমস্যাৰ অৱসান ঘটাই পঞ্চায়তখনক প্ৰগতিৰ আলোকৰে উজলাই তুলিব বুলিও আশা ব্যক্ত কৰে বিধায়কগৰাকীয়ে । এই প্ৰকল্পৰ জৰিয়তে পঞ্চায়তখনৰ অধীনস্থ সাধাৰণ ৰাইজ যথেষ্ট পৰিমাণে উপকৃত হ'ব বুলি মন্তব্য কৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।
উল্লেখ্য যে, আদর্শ গাঁও যোজনা আঁচনিৰ (Model Village Scheme) অধীনত সোমবাৰে বিধায়ক তথা সম ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে 3 লাখ 50 হাজাৰ টকা ব্যয় সাপেক্ষে পীতাম্বৰ হাটবজালী আদৰণি তোৰণ, 5 লাখ টকা ব্যয় সাপেক্ষে জয়ন্তীপুৰ সাতগাঁও ৰাজহুৱা শিৱ মন্দিৰ, 5 লাখ টকা ব্যয় সাপেক্ষে যোগেশ্বৰ যুৱক সংঘৰ গৃহ, 5 লাখ টকা ব্যয় সাপেক্ষে জয়ন্তীপুৰ সাতগাঁও ৰাজহুৱা শিৱ মন্দিৰ সভাগৃহ, ৫ লাখ টকা ব্যয় সাপেক্ষে যোগেশ্বৰ যুৱক সংঘৰ গৃহ, ৫ লাখ ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে কুমাৰপাৰা ৰাজহুৱা নামঘৰ নিৰ্মাণ হ'বলগীয়া প্ৰকল্পসমুহ উদ্বোধন কৰে ।