ৰঙিয়া,২ আগষ্ট :দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে চৰকাৰে আজাদী কা অমৃত মহোৎসৱৰ আয়োজন কৰিছে (Azadi ka Amrit Mahotsav)। মহোৎসৱৰ লগত সংগতি ৰাখি দেশজুৰি চৰকাৰে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰো ঘোষণা কৰিছে (Har Ghar Tiranga 2022)। লগে লগে সমগ্ৰ দেশৰ লগতে অসমতো এই কাৰ্যসূচীক লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । কোনো যদি ব্যস্ত হৈছে ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাত আনফালে ঠায়ে ঠায়ে আকৌ মুকলি কৰা হৈছে ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ ।
ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ সহায়ৰ বাবে কামৰূপ জিলাৰ ৰঙিয়া পৌৰসভাতো এক ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয় (National Flag Sales Centre opens in Rangia)। ৰঙিয়াৰ বিধায়ক তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰঙিয়া নগৰৰ ৪ নম্বৰ ৱাৰ্ডৰ শিৱমন্দিৰ পথৰ দাঁতিত থকা নাইট চেণ্টাৰত এই কেন্দ্ৰটো মুকলি কৰে (Bhabesh Kalita inaugurates National Flag Sales Centre)। অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু ৰঙিয়া পৌৰসভাৰ উদ্যোগত প্ৰায় পোন্ধৰটা আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰস্তুত কৰা পতাকাসমূহ এই কেন্দ্ৰটোত বিক্ৰী কৰা হ'ব ।
বৰ্তমান কেন্দ্ৰটোত বিভিন্ন আকাৰৰ ৰাষ্ট্ৰীয় পতাকা অতি কম মূল্যত উপলব্ধ হৈ আছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে । কেন্দ্ৰটো মুকলি কৰাৰ পিছতে ৰঙিয়াৰ বিধায়কগৰাকীয়ে পতাকা প্ৰস্তুত কৰা মহিলাসকলৰ সৈতে মত-বিনিময় কৰে । লগতে বিজেপিৰ নেতাগৰাকীয়ে অনুষ্ঠানটোত উপস্থিত থকা সাংবাদিক, সমাজকৰ্মী আৰু গৃহিনীসকলক পতাকা বিতৰণ কৰে । এই উপলক্ষে কেন্দ্ৰটোৰ চৌহদত আয়োজিত সভাখনত ভাষণ দি বিধায়কগৰাকীয়ে কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ "হৰ ঘৰ তিৰংগা" শীৰ্ষক দেশপ্ৰেমমূলক কাৰ্যসূচীয়ে ৰাজ্যৰ শিপিনীসকলৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ দিশতো সহায় কৰিছে ।