ৰঙিয়া,২১ জুন :ৰাজ্যৰ চৌদিশে বানত ককবকাইছে লাখ লাখ লোকে (Floods affects Assam)। ঘৰ-মাটি হেৰুৱাই দিশহাৰা হৈছে বহু লোক । ইয়াৰ মাজতে খাদ্য সংকটতো পৰিছে একাংশ বানাক্ৰান্ত । কিন্তু ইয়াৰ মাজতে ৰাজ্যত দেখা গৈছে সুবিধাবাদৰ ৰাজনীতি । বানাক্ৰান্তৰ খবৰ লোৱাৰ চলেৰে একাংশ ৰাজনীতিবিদে জনপ্ৰিয়তা বঢ়োৱাত ব্যস্ত হৈ পৰিছে ।
অৱশ্যে তাৰ মাজতে একাংশ বানাক্ৰান্তৰ ৰোষত পৰাও দেখা গৈছে একাংশ মন্ত্ৰী-বিধায়ক তথা ৰাজনৈতিক নেতাক । এইবাৰ ৰঙিয়াত ৰাইজৰ ৰোষত পৰিল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (Bhabesh Kalita faces public discontent in Rangia)। ৰঙিয়াৰ হিৰাপাৰাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক ক্ষোভিত ৰাইজে ঘেৰাও কৰিলে (Bhabesh Kalita was surrounded by angry people)।
বান সাহায্য নাপাই একপ্ৰকাৰ ক্ষোভিত হৈ পৰে বন্যাৰ্ত । যাৰ বাবে বিজেপি নেতাগৰাকীক বিভিন্ন ধৰণৰ প্ৰশ্নৰে থকা-সৰকা কৰে বানাক্ৰান্ত ৰাইজে । ইফালে বানাক্ৰান্ত ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি সেই স্থানৰ পৰা পলায়ন কৰে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ।