ৰঙিয়া, 30 মে’: ৰাজ্যত কৰ’ণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে আৰ্থিক অনাটনত ভুগিছে ৰাজ্যৰ দৰিদ্ৰ তথা মধ্যবিত্ত শ্ৰেণীয়ে ৷ তদুপৰি ক’ভিড মহামাৰীৰ সৈতে যুঁজ দিবলৈ ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এনে এক সময়ত পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ সামৰ্থ অনুযায়ী বৰঙণি আগবঢ়াইছে বিভিন্নজনে ৷
দেওবাৰে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ বৰঙণি আগবঢ়ায় ৰঙিয়াৰ বিধায়ক তথা প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই । বিধায়ক গৰাকীয়ে নিজৰ এক মাহৰ দৰমহা অৰ্থাৎ ১,৫০,০০০ টকা আগবঢ়ায় সাহাৰ্য পুঁজিলৈ । বিধায়ক গৰাকীয়ে দিছপুৰৰ জনতা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাৰ্যালয়ত লগ ধৰি নিজৰ দৰমহাৰ ধনৰাশি চেক আকাৰে প্ৰদান কৰে ।