অসম

assam

By

Published : Jul 1, 2023, 8:43 PM IST

ETV Bharat / state

BJP Program: গগৈ উপাধিৰ লোকসকল বিজেপিৰ সপক্ষে আছে- ভৱেশ কলিতা

"তিনিজন একত্ৰিত হ’লেও জয়ী হব নোৱাৰিব ৷ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি 12 খন আসনত জয়ী হ’ব ৷" - ভৱেশ কলিতা

Lok Sabha election 2024
গগৈ উপাধিৰ লোকসকল বিজেপিৰ সপক্ষে আছে- ভৱেশ কলিতা

গগৈ উপাধিৰ লোকসকল বিজেপিৰ সপক্ষে আছে- ভৱেশ কলিতা

গুৱাহাটী, 1 জুলাই: "তিনি গগৈ লগ হৈছে, শুভেচ্ছা জনাইছো ৷ কিন্তু তিনিজন একত্ৰিত হ’লেও জয়ী হব নোৱাৰিব ৷ শিৱসাগৰত অখিল গগৈ হাৰিব ৷ কাজিৰঙাত হাৰিব গৌৰৱ গগৈ ৷ লুৰীণ জ্যোতি গগৈৰ নিজৰ সমষ্টিয়ে নাই ৷ গগৈ উপাধিৰ লোকসকল ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে আছে ৷" তিনি গগৈ একলগ হোৱা বিষয়টোত শনিবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই মন্তব্য প্ৰকাশ কৰে ৷

"ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ উদ্যোগত শনিবাৰে হোটেল তাজ ভিভাণ্টাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অসমীয়া বিজেপি বাৰ্তাৰ সপ্তম বছৰৰ সপ্তম সংখ্যাটো কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে উন্মোচন কৰে ৷ মন্ত্ৰী সিঙে ‘অসমীয়া বিজেপি বার্তা'ক দলৰ নীতি আদৰ্শৰ দস্তাবেজ বুলি অভিহিত কৰি কয় যে, ৰাজ্যিক বিজেপিৰ মুখপত্ৰখনে দলৰ লগতে চৰকাৰৰ কৰ্মৰাজিসমূহ ৰাইজৰ মাজলৈ প্ৰেৰণ কৰি অহাৰ লগতে দলৰ ভাৱমূৰ্তি বৰ্তাই ৰাখিছে ৷

উল্লেখ্য যে এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আর্থ সামাজিক বিষয়ৰ প্ৰখ্যাত গৱেষণা সংস্থা Public Policy Research Center যে প্ৰস্তুত কৰা পূৰ্বোদয়' নামেৰে এক উন্নয়ন প্ৰতিবেদন মুকলি কৰে ৷ 2014 চনৰ পিচত উত্তৰ পূৰ্বাঞ্চলত হোৱা ব্যাপক আৰু সৰ্বস্পর্শী উন্নয়নৰ বিভিন্ন দিশ সামৰি এই প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছে ৷

সাংবাদিকৰে হোৱা কথা বতৰাত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে, আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি 12 খন আসনত জয়ী হ’ব ৷ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ অগপই কৰা অসন্তুষ্টি সন্দৰ্ভত কলিতাই তেওঁলোকৰ তৰফৰ পৰা অগপৰ ক্ষতিৰ কথা নিৰ্বাচন আয়োগক অৱগত কৰিব বুলি সদৰী কৰে ৷

লগতে পঢ়ক:CM on Dighalipukhuri: দীঘলীপুখুৰীক গুজৰাটৰ প্ৰতিষ্ঠানক গতোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details