অসম

assam

ETV Bharat / state

বিৰোধীক কৌৰৱৰ সৈতে তুলনা ভবেশ কলিতাৰ

টিকট লাভ কৰিয়েই বিৰোধীক থকাসৰকা মন্ত্ৰী ভবেশ কলিতাৰ । বিৰোধীক কৌৰৱৰ সৈতে তুলনা ভবেশ কলিতাৰ । কিদৰে উন্নয়ন কৰে তাৰ বাবে টিউচন ল'ব লাগিব কংগ্ৰেছে ।

By

Published : Mar 7, 2021, 9:25 PM IST

বিৰোধীক কৌৰৱৰ সৈতে তুলনা ভবেশ কলিতাৰ
বিৰোধীক কৌৰৱৰ সৈতে তুলনা ভবেশ কলিতাৰ

কামৰূপ, ৭ মাৰ্চ: আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ পৰা দলীয় টিকট লাভ কৰাৰ পিছত ৰঙিয়া সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ সমালোচনামূলক মন্তব্য । বিৰোধীক কৌৰৱৰ সৈতে তুলনা কৰি ক'লে কৌৰৱৰ জয় নহয়, পাণ্ডৱৰহে জয় হয় । মহাভাৰতত উল্লেখ আছে 'অহংকাৰ হ'লে পতন হয় আৰু পাণ্ডৱৰ যুগে যুগে জয়' ।

বিৰোধীক কৌৰৱৰ সৈতে তুলনা ভবেশ কলিতাৰ

বিজেপিয়ে ধৰ্মত আছে বাবে ৰঙিয়া সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভবেশ কলিতাৰ জয় নিশ্চিত বুলি মন্তব্য কৰে । লগতে তেওঁ উল্লেখ কৰে যে কংগ্ৰেছ আৰু মহাজোঁট দলসমূহে শিকিব লাগিব বিজেপিৰ পৰা । কিদৰে উন্নয়ন কৰে টিউচন ল'ব লাগিব বুলি মহাজোঁটক কটাক্ষ কৰে ভবেশ কলিতাই । লগতে এইবাৰ ৰঙিয়াত পদুম ফুলিবই আৰু সকলো লোকে ভোট দি জয়যুক্ত কৰিবই বুলি দাবী মন্ত্ৰী ভবেশ কলিতাৰ ।

লগতে পঢ়ক:বিশ্বনাথত কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দিতা কৰিব অঞ্জন বৰাই

ABOUT THE AUTHOR

...view details