ৰঙিয়া, 9 আগষ্টঃ ৰঙিয়াৰ বগৰীবাৰীৰ ভগ্ন মথাউৰি মেৰামতি কৰিবলৈ উপস্থিত হ'ল স্থানীয় বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা ৷ লগত সহযোগিতা আগবঢ়ালে বিজেপিৰ পাঁচশতাধিক কৰ্মীৰ লগতে স্থানীয় ৰাইজে ৷ ঠিকাদাৰলৈ অপেক্ষা নকৰি মথাউৰি মেৰামতিৰ বাবে নিজে হাতে কামে লাগি গল বিধায়কৰ লগতে বিজেপি কৰ্মী আৰু স্থানীয় ৰাইজ ৷ উল্লেখযোগ্য যে প্ৰায় এমাহ পূৰ্বে ৰঙিয়াৰ বগৰীবাৰীৰ পুঠিমাৰী নৈৰ মথাউৰি ভঙি সমগ্ৰ ৰঙিয়াত প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰিছিল ৷
ভগ্ন মথাউৰি মেৰামতিত নামি পৰিল মন্ত্ৰী ভৱেশ কলিতা - জলমগ্ন
ৰঙিয়াত এমাহ ধৰি শতাধিক গাঁও বৰ্তমানেও জলমগ্ন হৈ আছে ৷ সহস্ৰাধিক লোক বৰ্তমানেও আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে ৷ ঠিকাদাৰৰ কাম অতি লেহেমীয়া হোৱাৰ বাবে মন্ত্ৰী ভৱেশ কলিতা নিজেই নামি পৰিছে মাথাউৰি নিৰ্মাণ কাৰ্যত ৷

মন্ত্ৰী ভৱেশ কলিতা
ভগ্ন মথাউৰিৰে পুঠিমাৰী নৈৰ পানী বৈ থকাত নদীৰ গতিপথ সলনি হৈছে ৷ যাৰ বাবে এমাহ ধৰি শতাধিক গাঁও বৰ্তমানেও জলমগ্ন হৈ আছে ৷ সহস্ৰাধিক লোক বৰ্তমানেও আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে ৷ ইতিমধ্যে জলসম্পদ বিভাগে ভগ্ন মথাউৰি মেৰামতি কৰাৰ বাবে নিৰ্দিষ্ট ঠিকাদাৰক দায়িত্ব অৰ্পণ কৰিছে ৷ কিন্তু ঠিকাদাৰৰ কাম অতি লেহেমীয়া হোৱাৰ বাবে মন্ত্ৰীৰ লগতে স্থানীয় ৰাইজে এনেদৰে নিজে শ্ৰমদান কৰি মথাউৰি মেৰামতিত নামি পৰে ৷ বৰ্তমানলৈ অসমত এই বৰ্ষৰ বানপানীত 110 গৰাকী লোকৰ মৃত্যু হৈছে ৷
মথাউৰি মেৰামতিত নামি পৰিল মন্ত্ৰী ভৱেশ কলিতা