ৰঙিয়া, 19 এপ্ৰিল: চৌদিশে মূল্যবৃদ্ধিৰ কেকোঁৰা চেঁপা ৷ অত্যৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি দৈনন্দিন ব্যৱহৃত প্ৰায় সকলো সামগ্ৰীৰেই এতিয়া আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰি পেলাইছে সৰ্বলাধাৰণ ৰাইজক ৷ তাতে ভূতৰ ওপৰত দানহ পৰাদি অত্যাধিক কৰৰ বোজাই কোঙা কৰি পেলাইছে সাধাৰণ ৰাইজক ৷ একপ্ৰকাৰৰ চাৰিওফালে এক আহুকলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে মূল্যবৃদ্ধিয়ে (Price Hike in Assam) ৷
চৌদিশে মূল্যবৃদ্ধিয়ে আহুকালৰ সৃষ্টি কৰাৰ সময়তে আন এক সমস্যাই দেখা দিছে অসমৰ জনসাধাৰণৰ ৷ এইবাৰ গৃহ নিৰ্মাণৰ বাবে ব্যৱহাৰ হোৱা সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে ৰাইজক ৷ বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰী সকলৰ সমস্যা হৈছে গৃহ নিৰ্মাণক লৈ ৷ গাঁৱৰ দৰিদ্ৰ হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ বাবে প্ৰথম কিস্তিত লাভ কৰে ৩২,৫০০ টকা ৷ কিন্তু যোৱা এমাহৰ ভিতৰতে ইটাৰ মূল্য বৃদ্ধি হৈ বৰ্তমান ঠায়ে ঠায়ে ২৫০০ ইটাৰ দাম বৰ্তমান ৩৬০০ টকাৰ পৰা ৪০০০ টকা হৈছে (Rising Cost of House Building) ৷