অসম

assam

ETV Bharat / state

গৰৈমাৰী খণ্ড উন্নয়ন বিষয়া সচিবসহ চাৰিজন লোকক গ্ৰেপ্তাৰ - গৰৈমাৰী

ভুৱা হিতাধিকাৰীৰ নামত লাখ-লাখ টকা অ‍ত্মসাৎ কৰি আৰক্ষীৰ জালত পৰিল ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ খণ্ড উন্নয়ন বিষয়া জয়নাল আলী সহ চাৰিজন লোক । ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষী থানাত ৪০১/ ২০০০ নম্বৰত গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

ETV BHARAT
গৰৈমাৰী খণ্ড উন্নয়ন বিষয়া সচিবসহ চাৰিজন লোকক গ্ৰেপ্তাৰ

By

Published : May 18, 2020, 4:41 PM IST

ছয়গাঁও, ১৮ মেঃ গৰৈমাৰী খণ্ড উন্নয়ন বিষয়া আৰু এগৰাকী পঞ্চায়ত সচিব সহ চাৰিজন লোকক গ্ৰেপ্তাৰ৷ কৃষক সন্মান নিধিৰ আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ লোক কেইজনক ৷

গৰৈমাৰী খণ্ড উন্নয়ন বিষয়া সচিবসহ চাৰিজন লোকক গ্ৰেপ্তাৰ

লক ডাউনৰ সময়চোৱাত চৰকাৰে দুখীয়া ৰাইজৰ বাবে আগবঢ়োৱা কৃষক সন্মান নিধিৰ আঁচনিৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ ইতিমধ্যে বিভিন্ন জিলাত বহু কেইজন বিষয়া কৰ্মচাৰী নিলম্বনো হৈছে ৷ ঠিক একেদৰে ভুৱা হিতাধিকাৰীৰ নামত লাখ-লাখ টকা অ‍ত্মসাৎ কৰি আৰক্ষীৰ জালত পৰিল ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ খণ্ড উন্নয়ন বিষয়া জয়নাল আলী সহ চাৰিজন লোক । উল্লেখযোগ্য যে, লক ডাউনৰ সময়চোৱাত দুখীয়া লোকসকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে হ্ৰস্ব ম্যাদি আঁচনিৰ জৰিয়তে আগবঢ়াইছে সহায়ৰ হাত । এই আঁচনি সমুহ এতিয়া একাংশ বিষয়া কৰ্মচাৰী, জনপ্ৰতিনিধিয়ে সোণৰ কণী পৰা হাঁহত পৰিণত কৰি লক্ষ লক্ষ টকা আত্মসাৎ কৰাৰ অভিযোগ উঠি আহিছে । দেওব‍াৰে নিশা ছয়গাঁও সমষ্টিৰ গৰৈমাৰী খণ্ড উন্নয়ন বিষয়া জয়নাল আলীক বাইহাটা চাৰি আলীস্থিত নিজ বাসগৃহৰ পৰা কামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । লগতে একে অভিযোগত জোৰশিমলু গাঁও পঞ্চায়তৰ সচিব শিকান্দাৰ আলী, ৱাৰ্ড মেম্বাৰ চাহেৰা খাতুন আৰু সমবায়ৰ এজেণ্ট ৰমজান আলীক একে নিশাই বিভিন্ন স্থানৰ পৰা আটক কৰি ছয়গাঁও থানালৈ লৈ আহে । উক্ত চাৰিও জনে মিলি চৰকাৰে দুখীয়া লোকৰ বাবে প্ৰদান কৰা ১০০০ টকীয়া আঁচনিৰ নামত বিয়াগোম দুৰ্নীতি সংঘটিত কৰি লাখ-লাখ টকা আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপিত হৈছে । আনহাতে, গৰৈমাৰীৰ খণ্ড উন্নয়ন বিষয়া জয়নাল আলীৰ বিৰুদ্ধে আঁচনি ৰূপায়নৰ নামত দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণে দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উঠি আহিছে । বৰ্তমান ছয়গাঁও থানাত চাৰিওকে জেৰা অব্যাহত ৰাখিছে । ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষী থানাত ৪০১/ ২০০০ নম্বৰত গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক- ৰাজ্যত কৰ'ণাত আক্ৰান্ত আন এজন লোকৰ মৃত্যু

ABOUT THE AUTHOR

...view details