অসম

assam

ETV Bharat / state

ৰাণীত বৰ্ণিল কাৰ্যসূচীৰে সামৰণি পৰিল "বায়খো উৎসৱ"

ৰাণীত নিখিল ৰাভা ছাত্ৰ সন্থাৰ ৰাণী আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজন কৰা বৰ্ণাঢ্য বায়খো উৎসৱৰ সফল সামৰণি ৷

By

Published : Jun 10, 2019, 2:53 PM IST

ৰাণীৰ 'বায়খো উৎসৱ'ত কন্ঠশিল্পী দীপলিনা ডেকা

দক্ষিণ কামৰূপ,১০ জুনঃৰাণীত বৰ্ণিল কাৰ্যসূচীৰে "বায়খো উৎসৱ"ৰ সফল সামৰণি। পশ্চিম গুৱাহাটীৰ ঐতিহাসিক বৃহত্তৰ ৰাণীত নিখিল ৰাভা ছাত্ৰ সন্থাৰ ৰাণী আঞ্চলিক সমিতিৰ উদ্যোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰাভা জনগোষ্ঠীৰ জাতীয় জীৱনৰ আয়ুস ৰেখা স্বৰূপ কৃষি ভিত্তিক বায়খো উৎসৱ। দেওবাৰে ৰাণীৰ বায়খো উৎসৱত সাংস্কৃতিক অনুষ্ঠানত ৰাণী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ৰাণী আঞ্চলিক সমিতিৰ সভাপতি ৰাজু ৰাভাই পতাকা উত্তোলেনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত সংগীত পৰিৱেশন কৰে কন্ঠশিল্পী দীপলিনা ডেকাই ।

ৰাণীৰ 'বায়খো উৎসৱ'ত কন্ঠশিল্পী দীপলিনা ডেকা


শ্বহীদ বেদীত মাল্যৰ্পণ কৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হিতেশ্বৰ ৰাভাৰ লগতে উদযাপন সমিতিৰ সভাপতি সঞ্জয় কুমাৰ ৰাভা, কাৰ্যকৰী সভাপতি বাবুল ৰাভা,সম্পাদকদ্বয় ধৰ্মেশ্বৰ ৰাভা, মিণ্টু ৰাভাৰ লগতে অন্যান্য ব্যক্তিসকলে। ইয়াৰ পিছত উদযাপনস্থলীত বৃক্ষৰোপণ কৰে স্থানীয় বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মন আৰু ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীয়ে। বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতেই প্ৰায় দুই শতাধিক ৰাইজৰ উপস্থিতিত পূজাৰীৰ আকৰ্ষণীয় মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হয় উৎসৱৰ মূল মহাপূজা ।

ABOUT THE AUTHOR

...view details