ৰঙিয়া,9 জুন :বাৰিষাৰ প্ৰথমটো বানত উটি গ'ল লৰমা গৌৰহাটীৰ এখন কাঠৰ দলং । কামৰূপ(গ্ৰাম্য) জিলাৰ ৰঙিয়া-হাজোৰ মাজত সংযোগ স্থাপন কৰা এই দলংখন উটুৱাই দিয়ে বৰলীয়া নৈৰ বাঢ়নী পানীয়ে ৷ বিগত কেইবাদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ পাচতে ফেনে-ফুটুকাৰে বাঢ়ি আহিছে বৰলীয়া নৈ ৷
বৰলীয়া নৈৰ ওপৰত থকা উক্ত দলংখন উটি যোৱাত এতিয়া ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা ৷ ক'ভিডৰ এই সংকটকালত যোগাযোগৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দলংখন উটি যোৱা বাবে অঞ্চলটোলৈ জৰুৰীকালীন সেৱাসমূহ বৰ্তমান বন্ধ হৈ পৰিছে ৷