অসম

assam

ETV Bharat / state

ৰঙিয়াৰ শিক্ষক সতীশ চন্দ্ৰ চুতীয়ালৈ 'বানেশ্বৰ দেৱ শৰ্মা বঁটা' - প্ৰয়াত সংস্কৃত পণ্ডিত বানেশ্বৰ দেৱ শৰ্মা

শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত ৰঙিয়াৰ শিক্ষক সতীশ চন্দ্ৰ চুতীয়ালৈ আগবঢ়োৱা হ'ল "প্ৰয়াত সংস্কৃত পণ্ডিত বানেশ্বৰ দেৱ শৰ্মা" বঁটা । দেওবাৰে ৰঙিয়াৰ শ্বহীদ কৃষক ভৱনত আয়োজিত ৰাজ্যিক কৃতী বঁটা প্ৰদান অনুষ্ঠানত শিক্ষকগৰাকীক এই বঁটাৰে সন্মানিত কৰা হয় । শিক্ষক দিৱস উপলক্ষে ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া বজাৰ শাখাতো বিশেষ অনুষ্ঠান ৷

Baneswar Sarma award to Satish Chandra Chutia
ৰঙিয়াৰ শিক্ষক সতীশ চন্দ্ৰ চুতীয়ালৈ বানেশ্বৰ দেৱ শৰ্মা বঁটা

By

Published : Sep 6, 2021, 10:20 AM IST

ৰঙিয়া, ৬ ছেপ্তেম্বৰ: বিগত দুটা বছৰ ধৰি ৫ ছেপ্তেম্বৰ অৰ্থাৎ শিক্ষক দিৱসত এগৰাকীকৈ কৃতী শিক্ষকক সন্মানিত কৰি আহিছে সামাজিক-সাংস্কৃতিক অনুষ্ঠান সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনে । এইবেলি সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনে ডিব্ৰুগড়ৰ বামুণবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক সতীশ চন্দ্ৰ চুতীয়ালৈ আগবঢ়াইছে "প্ৰয়াত সংস্কৃত পণ্ডিত বানেশ্বৰ দেৱ শৰ্মা" বঁটা ।

দেওবাৰে ৰঙিয়াৰ শ্বহীদ কৃষক ভৱনত আয়োজিত ৰাজ্যিক কৃতী বঁটা প্ৰদান অনুষ্ঠানত শিক্ষকগৰাকীক এই বঁটাৰে সন্মানিত কৰা হয় । আনহাতে, শিক্ষক দিৱস উপলক্ষে সংস্থাটোৱে ৰাজ্যিক ভিত্তিত আয়োজন কৰা অনলাইন ৰচনা প্ৰতিযোগিতাত টিহু-পাটাছাৰকুছিৰ সীমান্তৰ কণীমাৰা হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰিকিৰাজ কলিতাই শ্ৰেষ্ঠ বঁটা লাভ কৰে ।

ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া বজাৰ শাখাত বিশেষ অনুষ্ঠান

চুটি ছবি নিৰ্মাণৰ প্ৰতিযোগিতাত বিশ্বনাথ জিলাৰ জামুগুৰিৰ 'অপৰাহ্নৰ ৰং' নামৰ ছবিখনক শ্ৰেষ্ঠ বঁটা প্ৰদান কৰা হয় । সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱী । লগতে উপস্থিত থাকে ৰঙিয়াৰ কেইবাগৰাকীও বিশিষ্ট ব‍্যক্তি ।

শিক্ষক দিৱস উপলক্ষে ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া বজাৰ শাখাতো এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় । বেংকৰ মেনেজাৰ ৰিপুঞ্জয় তালুকদাৰে আঁত ধৰা অনুষ্ঠানটোত বেংকৰ কৰ্মচাৰীসকলৰ লগতে কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত শিক্ষকৰ লগতে বৰ্তমানেও বিভিন্ন শিক্ষানুষ্ঠানত কৰ্মৰত হৈ থকা শিক্ষকসকলে অংশগ্ৰহণ কৰে ।

শিক্ষকক সম্বৰ্ধনা

শিক্ষকসকলক বেংকৰ কৰ্মচাৰীসকলৰ লগতে মেনেজাৰ ৰিপুঞ্জয় তালুকদাৰে ফুলাম জাপি, গামোচা আৰু একোখন গ্ৰন্থ আগবঢ়াই সম্বৰ্ধনা জ্ঞাপন কৰে । এই অনুষ্ঠানটোত বেংকৰ কৰ্মচাৰীসকলে শিক্ষকসকলৰ সৈতে মত-বিনিময় কৰে । শিক্ষকসকলে ভাষণ প্ৰসংগত নিজৰ কৰ্ম জীৱনৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰে ।

লগতে পঢ়ক: শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বলাই ওজাক সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details