অসম

assam

ETV Bharat / state

পকা কলৰ থোকেৰে ভৰি পৰিছে উত্তৰ গুৱাহাটীৰ গোপাল থান

পকা কলৰ এখন বৃহৎ মেলা । মালভোগ, চেনিচম্পাকে ধৰি বিভিন্ন প্ৰজাতিৰ কল উপলব্ধ মেলাখনত । ফুলৰ মালাৰ দৰে থোকে থোকে ওলোমাই ৰখা হৈছে পকা কলবোৰ । উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত গোপাল থানৰ গোপাল উৎসৱৰ এক নান্দনিক পৰিবেশ এয়া । গোপাল উৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্তই আগবঢ়াইছে এই কলবোৰ ।

পকা কলৰ থোকেৰে ভৰি পৰিছে উত্তৰ গুৱাহাটীৰ গোপাল থান
পকা কলৰ থোকেৰে ভৰি পৰিছে উত্তৰ গুৱাহাটীৰ গোপাল থান

By

Published : Feb 28, 2021, 8:39 PM IST

কামৰূপ, ২৮ ফেব্ৰুৱাৰী: কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীস্থিত গোপাল থানত অগণন ভক্তৰ লানি নিছিগা সোঁত । পৰম্পৰা অনুসৰি, প্ৰতি বছৰে মাঘ মাহৰ পূৰ্ণিমাৰ দিনাৰ দৰে এইবেলিও পালন কৰা হৈছে ঐতিহ্যমণ্ডিত গোপাল থানৰ গোপাল উৎসৱ । এই উৎসৱৰ বিশেষত্ব এয়ে যে ভক্তসকলে প্ৰসাদৰ লগতে একোটাকৈ পকা কলৰ থোক আগবঢ়ায় । ১০০ বছৰতকৈও অধিক কালৰে পৰা এই পৰম্পৰা চলি আহিছে । জনবিশ্বাস অনুসৰি, গোপাল থানত পকা কলৰ থোক আগবঢ়ালে মনৰ ইচ্ছা পূৰণ হয় ।

পকা কলৰ থোকেৰে ভৰি পৰিছে উত্তৰ গুৱাহাটীৰ গোপাল থান

প্ৰতিবাৰৰ দৰে এইবাৰো মাঘ মাহৰ পূৰ্ণিমাত পালন কৰা হৈছে গোপাল উৎসৱ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অসংখ্য ভক্ত আহি ভিৰ কৰা পৰলক্ষিত হৈছে । সকলোৱে হাতে-হাতে পকা কলৰ থোক লৈ আহিছে । যাতে সকলোৰে মনৰ ইচ্ছা পূৰণ হয় । মুঠৰ ওপৰত পকা কলৰ এখন বৃহৎ মেলা । মালভোগ, চেনিচম্পাকে ধৰি বিভিন্ন প্ৰজাতিৰ কল উপলব্ধ এই মেলাখনত । ফুলৰ মালাৰ দৰে থোকে থোকে ওলোমাই ৰখা হৈছে পকা কলবোৰ । এই কলবোৰ ভক্তসকলে খোৱাৰ উপৰিও ঘৰলৈয়ো লৈ যাব পাৰে ।

লগতে পঢ়ক:ৰাষ্ট্ৰীয় সংবাদ মাধ্যম মোডী আৰু বিজেপিৰ জেপত: প্ৰদ্যুৎ বৰদলৈ



ABOUT THE AUTHOR

...view details