অসম

assam

ETV Bharat / state

ঐতিহ্যমণ্ডিত বামুন্দী সত্ৰক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস - বামুন্দী সত্ৰ

বাইহাটা চাৰিআলিৰ ঐতিহ্যমণ্ডিত বামুন্দী সত্ৰক পুনৰুজ্জীৱিত কৰাৰ বাবে আধাৰশিলা স্থাপন ৷ সত্ৰখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিদৰে পদক্ষেপ গ্ৰহণ কৰিব সেই সম্পৰ্কতো আলোচনা কৰা হয় ৷

বামুন্দী সত্ৰক পুনৰজ্জীৱিত কৰাৰ প্ৰয়াস

By

Published : May 10, 2019, 4:50 PM IST

Updated : May 10, 2019, 5:49 PM IST

বাইহাটা, 10 মে': বাইহাটা চাৰিআলিৰ এখন ঐতিহ্যমণ্ডিত সত্ৰ বামুন্দী সত্ৰ। বৰ্তমান মৃতপ্ৰায় অৱস্থাত থকা এই ঐতিহ্যমণ্ডিত সত্ৰখনক পুনৰজ্জীৱিত কৰাৰ অৰ্থে শুকুৰবাৰে স্থাপন কৰা হয় আাধাৰশিলা। বাইহাটা চাৰিআলিৰ শালমাৰাৰ এই বামুন্দী সত্ৰৰ পৰিচালনা সমিতিয়ে সত্ৰখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ কথা প্ৰকাশ কৰি সত্ৰখনত থকা সম্পদসমূহৰ পৰা কিদৰে উপাৰ্জন কৰি সত্ৰখনক উন্নতিৰ শিখৰলৈ নিব পাৰি সেই বিষয়েও আলোচনা কৰাৰ কথা প্ৰকাশ কৰে বামুন্দী সত্ৰৰ মৰিগাঁও শাখাৰ সত্ৰাধিকাৰ গৰাকীয়ে।

বামুন্দী সত্ৰক পুনৰজ্জীৱিত কৰাৰ প্ৰয়াস
ইপিনে কমলপুৰৰ পানীটেমা ৰাস মন্দিৰৰতো অনুৰূপ ধৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ আয়োজন কৰা হয়। পানীটেমা ৰাস মন্দিৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে দিলীপ শইকীয়া, প্ৰাক্তন বিধায়ক যাদৱ ডেকাকে ধৰি ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক দিগন্ত কলিতা ।
Last Updated : May 10, 2019, 5:49 PM IST

ABOUT THE AUTHOR

...view details